الأعلى
The Most High • 19 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1তুমি তোমাৰ সুমহান প্ৰতিপালকৰ নামৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা,
2যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।
3আৰু যিজনে (ভাগ্য) নিৰ্ধাৰণ কৰিছে তাৰ পিছত সৎপথ প্ৰদৰ্শন কৰিছে,
4আৰু যিজনে ঘাঁহ-বন তৃণ-লতা উৎপন্ন কৰিছে,
5তাৰ পিছত সেইবোৰক ক'লা আৱৰ্জনাত পৰিণত কৰিছে।
6অনতিপলমে আমি তোমাক পাঠ কৰাম, ফলত তুমি নাপাহৰিবা,
7কেৱল আল্লাহে যি বিচাৰে তাৰ বাহিৰে। নিশ্চয় তেওঁ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো জানে।
8আৰু আমি তোমাৰ বাবে (কল্যাণৰ পথ) সহজ কৰি দিম।
9এতেকে উপদেশ দিয়া, যদি উপদেশ ফলপ্ৰসূ হয়;
10উপদেশ সিয়েই গ্ৰহণ কৰিব যিয়ে ভয় কৰে।
11আৰু যিজন দুৰ্ভগীয়া সিয়েই ইয়াক অগ্ৰাহ্য কৰিব,
12সি ভয়াৱহ জুইত প্ৰৱেশ কৰিব।
13তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
14নিশ্চয় সিয়েই সফলতা লাভ কৰে, যিয়ে আত্মশুদ্ধি কৰে।
15লগতে তাৰ প্ৰতিপালকৰ নাম স্মৰণ কৰে আৰু ছালাত আদায় কৰে।
16কিন্তু তোমালোকে পৃথিৱীৰ জীৱনকহে প্ৰাধান্য দিয়া,
17অথচ আখিৰাত হৈছে সৰ্বোত্তম আৰু স্থায়ী।
18নিশ্চয় ইয়াৰ বৰ্ণনা আছে পূৰ্বৱৰ্তী ছহীফাসমূহত,
19ইব্ৰাহীম আৰু মূছাৰ ছহীফাসমূহত।