Al-Fatiha

الفاتحة

The Opening7 ayahsMeccan

بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ﴿١

1(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।

ٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ﴿٢

2সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।

ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ﴿٣

3যিজন পৰম কৰুণাময়, পৰম দয়ালু।

مَٰلِكِ يَوۡمِ ٱلدِّينِ﴿٤

4বিচাৰ দিৱসৰ মালিক।

إِيَّاكَ نَعۡبُدُ وَإِيَّاكَ نَسۡتَعِينُ﴿٥

5আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।

ٱهۡدِنَا ٱلصِّرَٰطَ ٱلۡمُسۡتَقِيمَ﴿٦

6আমাক সৰল পথৰ হিদায়ত দিয়া।

صِرَٰطَ ٱلَّذِينَ أَنۡعَمۡتَ عَلَيۡهِمۡ غَيۡرِ ٱلۡمَغۡضُوبِ عَلَيۡهِمۡ وَلَا ٱلضَّآلِّينَ﴿٧

7তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।

RELATED SURAHS