يس
Ya-Sin • 83 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1ইয়া-ছীন,[1]
2জ্ঞানগৰ্ভ কোৰআনৰ শপত!
3নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত,
4সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
5এই কোৰআন প্ৰবল পৰাক্ৰমশালী, পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ।
6যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক, যিসকলৰ পিতৃ-পুৰুষসকলক সতৰ্ক কৰা হোৱা নাছিল, সেয়ে সিহঁত উদাসীন।
7নিশ্চয় সিহঁতৰ অধিকাংশৰ ওপৰতে (আল্লাহৰ) বাণী অৱধাৰিত হৈছে, সেয়ে সিহঁতে ঈমান পোষণ নকৰিব।
8নিশ্চয় আমি সিহঁতৰ ডিঙিত থুঁতৰিলৈকে গলাবান্ধ (শিকলি) মেৰিয়াই দিছোঁ, ফলত সিহঁত উৰ্দ্ধমুখী হৈ গৈছে।
9আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ, তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়।
10তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা, সিহঁতৰ বাবে উভয়ে সমান; সিহঁতে ঈমান পোষণ নকৰিব।
11তুমি কেৱল তাকেই সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰআনৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈয়ে ভয় কৰে। এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া।
12নিশ্চয় আমিয়েই মৃতক জীৱিত কৰোঁ আৰু লিখি ৰাখোঁ সিহঁতে যি আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছত এৰি যায়। আমি প্ৰত্যেক বস্তুকেই সুস্পষ্ট কিতাবত সংৰক্ষণ কৰি ৰাখিছোঁ।
13আৰু সিহঁতৰ ওচৰত এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত বৰ্ণনা কৰা; যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুলসকল আহিছিল।
14যেতিয়া আমি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল, তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তেওঁলোকে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ ওচৰলৈ (আল্লাহৰ দূত হিচাপে) প্ৰেৰিত হৈছোঁ’।
15সিহঁতে কৈছিল, ‘তোমালোকে দেখোন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই। তোমালোকে কেৱল মিছা কথাহে কৈ আছা’।
16তেওঁলোকে (উত্তৰত) কৈছিল, ‘আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ’।
17‘আৰু (শুনা!) স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব’।
18সিহঁতে ক’লে, ‘নিশ্চয় আমি তোমালোকক অমঙ্গলৰ কাৰণ হিচাপেহে গণ্য কৰোঁ, যদি তোমালোকে বিৰত নোহোৱা তেন্তে নিশ্চয় আমি তোমালোকক শিল দলিয়াই হত্যা কৰিম আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব’।
19তেওঁলোকে ক’লে, ‘তোমালোকৰ অমঙ্গল তোমালোকৰেই লগত; তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক হৈছা এটা সীমালঙ্ঘনকাৰী সম্প্ৰদায়’।
20ইপিনে নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা;
21‘অনুসৰণ কৰা সেইসকল ব্যক্তিৰ, যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক হৈছে সৎপথপ্ৰাপ্ত।
22‘আৰু মই কি যুক্তিত সেই সত্ত্বাৰ ইবাদতৰ পৰা বিৰত থাকিম, যিজনে মোক সৃষ্টি কৰিছে? আৰু যাৰ ওচৰলৈ তোমালোকক ওভতাই নিয়া হ’ব।
23‘মই তেওঁৰ বাহিৰে বেলেগ কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ চুপাৰিছ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব।
24‘এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হ'ম।
25‘নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছোঁ, এতেকে তোমালোকে মোৰ কথা শুনা’।
26তেওঁক কোৱা হ’ল, ‘জান্নাতত প্ৰৱেশ কৰা’। তেওঁ ক’লে, ‘হায়! মোৰ সম্প্ৰদায়ে যদি জানিলেহেঁতেন,
27‘যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে’।
28আমি তেওঁৰ (মৃত্যুৰ) পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাছিলোঁ, আনকি প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল।
29সেয়া আছিল কেৱল এটা বিকট শব্দ। যাৰ ফলত সিহঁত নিথৰ নিস্তব্ধ হৈ পৰিছিল।
30পৰিতাপ বান্দাসকলৰ বাবে; সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁৰ লগত ঠাট্টা-বিদ্ৰূপ কৰিছে।
31সিহঁতে লক্ষ্য কৰা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছোঁ? নিশ্চয় সেইসকল লোক সিহঁতৰ মাজলৈ আৰু উভতি নাহিব।
32সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ’ব।
33আৰু মৃত ভূমি হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছোঁ আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছোঁ, যিবোৰ সিহঁতে খায়।
34আৰু তাত আমি সৃষ্টি কৰিছোঁ খেজুৰ আৰু আঙুৰৰ উদ্যান আৰু তাত আমি প্ৰবাহিত কৰিছোঁ কিছুমান প্ৰস্ৰৱন,
35যাতে সিহঁতে তাৰ ফলমূল খাব পাৰে, অথচ (এইবোৰক) সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
36পৱিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে যোৰ যোৰকৈ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওক বা সিহঁতৰ (মানুহৰ) মাজৰ পৰাই হওক (নাৰী আৰু পুৰুষ) আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে।
37আৰু ৰাতিও হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰোঁ, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে।
38আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে, এইটো মহাপৰাক্ৰমশালী, সৰ্বজ্ঞ (আল্লাহ)ৰ নিৰ্ধাৰণ।
39লগতে চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছোঁ বিভিন্ন মনজিল, অৱশেষত সেইটো শুকান বেকা, পুৰণি খেজুৰ ঠানিৰ আকাৰত উভতি যায়।
40সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষেও সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত ভাহিঁ আছে।
41সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে, আমি সিহঁতৰ বংশধৰবিলাকক ভৰ্তি নৌযানত আৰোহণ কৰোৱাইছিলোঁ;
42আৰু সিহঁতৰ বাবেও অনুৰূপ যানবাহন সৃষ্টি কৰিছোঁ যাতে সিহঁতে আৰোহণ কৰে।
43আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব,
44একমাত্ৰ আমাৰ কৰুণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়।
45আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাক্বৱা অৱলম্বন কৰা; যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষিত হয়’,
46আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
47আৰু যেতিয়া সিহঁতক কোৱা হয় যে, ‘আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা’, তেতিয়া কাফিৰসকলে মুমিনসকলক কয়, ‘আমি তাক খাদ্য দান কৰিমনে, যাক আল্লাহে ইচ্ছা কৰিলেই খোৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা’।
48আৰু সিহঁতে কয়, ‘তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা, এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ’ব’?
49সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাতহে আছে, যিটোৱে সিহঁতক বাক-বিতণ্ডাত লিপ্ত থকা অৱস্থাতে আক্ৰমণ কৰিব।
50তেতিয়া সিহঁতে অছিয়ত কৰাৰো সামৰ্থ নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকেও উভতি আহিব নোৱাৰিব।
51আৰু যেতিয়া শিঙাত ফুঁ দিয়া হ’ব, তেতিয়া সিহঁতে তৎক্ষণাত কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে লৰ মাৰিব।
52সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই দেখোন প্ৰতিশ্ৰুতি দিছিল আৰু ৰাছুলসকলেও দেখোন সত্য কথাহে কৈছিল’।
53এইটো হ’ব কেৱল এটা বিকট শব্দ; তেতিয়াই ইহঁত সকলোকে উপস্থিত কৰা হ’ব আমাৰ সন্মুখত,
54এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহ'ব আৰু তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হ’ব।
55নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত ব্যস্ত থাকিব,
56তেওঁলোক আৰু তেওঁলোকৰ স্ত্ৰীসকলে সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব।
57তাত থাকিব তেওঁলোকৰ বাবে ফলমূল, আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱেই পাব,
58অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ’ব ‘ছালাম’ (অভিনন্দন বা নিৰাপত্তা)।
59আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।
60হে আদম সন্তান! মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোঁনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?
61আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই হৈছে সৰল পথ।
62আৰু নিশ্চয় চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?
63এইখনেই হৈছে সেই জাহান্নাম, যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল।
64আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰী কৰিছিলা।
65আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ।
66আৰু আমি ইচ্ছা কৰিলে নিশ্চয় সিহঁতৰ চকুবোৰক লোপ কৰি দিলোঁহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰি ফুৰিলেও (কোনো কামত নাহিব), কাৰণ কেনেকৈনো দেখা পাব!
67আৰু আমি ইচ্ছা কৰিলে সিহঁতক সিহঁতৰ নিজ নিজ স্থানতে আকৃতি পৰিবৰ্তন কৰি দিব পাৰিলোঁহেঁতেন, ফলত সিহঁতে আগুৱাইয়ো যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন।
68আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়বত তাৰ অৱনতি ঘটাওঁ। তথাপিও সিহঁতে বুজি নাপায়নে?
69আমি তেওঁক (ৰাছুলক) কাব্য ৰচনা কৰা শিকোৱা নাই আৰু এইটো তেওঁৰ বাবে শোভনীয়ও নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন;
70যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে, লগতে কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়।
71সিহঁতে লক্ষ্য কৰা নাইনে যে, আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তুও সৃষ্টি কৰিছোঁ। অথচ সিহঁতেই সেইবোৰৰ মালিক।
72আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছোঁ। ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে।
73আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ লগতে আছে পানীয় উপাদান। তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে?
74তথাপিও সিহঁতে আল্লাহৰ পৰিবৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে, সিহঁতে সাহায্যপ্ৰাপ্ত হ’ব।
75কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ’ব।
76এতেকে সিহঁতৰ কথায় যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো সিহঁতে যি গোপন কৰে আৰু যি সিহঁতে প্ৰকাশ কৰে।
77মানুহে লক্ষ্য নকৰে নেকি যে, আমি তাক সৃষ্টি কৰিছোঁ শুক্ৰবিন্দুৰ পৰা, তথাপিও সি পাছত প্ৰকাশ্য বিতণ্ডাকাৰী হৈ পৰে।
78আৰু সি আমাৰ বিষয়ে উপমা ৰচনা কৰে, অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায়। সি কয়, ‘হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি-খহি, গেলি-পচি যাব’?
79কোৱা, ‘তেৱেঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে, আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত’।
80তেৱেঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে, ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা।
81যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে, তেওঁ সিহঁতৰ অনুৰূপ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে? নিশ্চয় সক্ষম। তেওঁ মহাস্ৰষ্টা, সৰ্বজ্ঞ।
82তেওঁৰ বিষয়টো এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে, তেতিয়া কেৱল কয়, ‘হ’, ফলত সেইটো হৈ যায়।
83এতেকে পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যাৰ হাতত আছে প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হ’বা।