Ar-Rahman

الرحمن

The Most Merciful78 ayahsMedinan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

ٱلرَّحۡمَٰنُ﴿١

1আৰ-ৰাহমান, (দয়াময় আল্লাহ)

عَلَّمَ ٱلۡقُرۡءَانَ﴿٢

2তেৱেঁই শিক্ষা দিছে কোৰআন,

خَلَقَ ٱلۡإِنسَٰنَ﴿٣

3তেৱেঁই সৃষ্টি কৰিছে মানুহ,

عَلَّمَهُ ٱلۡبَيَانَ﴿٤

4তেৱেঁই তাক ভাষা শিকাইছে,

ٱلشَّمۡسُ وَٱلۡقَمَرُ بِحُسۡبَانٖ﴿٥

5সূৰ্য আৰু চন্দ্ৰই নিৰ্ধাৰিত হিচাপ-অনুযায়ী আৱৰ্তন কৰে,

وَٱلنَّجۡمُ وَٱلشَّجَرُ يَسۡجُدَانِ﴿٦

6আৰু তৃণলতা (অথবা নক্ষত্ৰৰাজি) আৰু বৃক্ষাদিয়েও ছাজদা কৰে,

وَٱلسَّمَآءَ رَفَعَهَا وَوَضَعَ ٱلۡمِيزَانَ﴿٧

7আৰু তেৱেঁই আকাশখনক সমুন্নত কৰিছে আৰু স্থাপন কৰিছে তুলাচনী,

أَلَّا تَطۡغَوۡاْ فِي ٱلۡمِيزَانِ﴿٨

8যাতে তোমালোকে জোখ-মাখত সীমালংঘন নকৰা।

وَأَقِيمُواْ ٱلۡوَزۡنَ بِٱلۡقِسۡطِ وَلَا تُخۡسِرُواْ ٱلۡمِيزَانَ﴿٩

9আৰু তোমালোকে ন্যায়সঙ্গতভাৱে ওজন প্ৰতিষ্ঠা কৰা আৰু ওজনকৃত বস্তু কম নিদিবা।

وَٱلۡأَرۡضَ وَضَعَهَا لِلۡأَنَامِ﴿١٠

10আৰু তেৱেঁই পৃথিৱীখনক সৃষ্টি জীৱৰ বাবে স্থাপন কৰিছে;

فِيهَا فَٰكِهَةٞ وَٱلنَّخۡلُ ذَاتُ ٱلۡأَكۡمَامِ﴿١١

11য’ত আছে ফল-মূল আৰু খেজুৰ গছ, যাৰ ফল আৱৰণমূক্ত,

وَٱلۡحَبُّ ذُو ٱلۡعَصۡفِ وَٱلرَّيۡحَانُ﴿١٢

12আৰু আছে বাকলিযুক্ত দানা আৰু সুগন্ধিযুক্ত ফুল।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿١٣

13এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

خَلَقَ ٱلۡإِنسَٰنَ مِن صَلۡصَٰلٖ كَٱلۡفَخَّارِ﴿١٤

14তেৱেঁই মানুহক সৃষ্টি কৰিছে পানী মিশ্ৰিত পোৰা মাটিৰ দৰে শুকান মাটিৰ পৰা,

وَخَلَقَ ٱلۡجَآنَّ مِن مَّارِجٖ مِّن نَّارٖ﴿١٥

15আৰু জিনক সৃষ্টি কৰিছে ধোঁৱাবিহীন অগ্নিশিখাৰ পৰা।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿١٦

16এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

رَبُّ ٱلۡمَشۡرِقَيۡنِ وَرَبُّ ٱلۡمَغۡرِبَيۡنِ﴿١٧

17তেৱেঁই দুই উদয়াচল আৰু দুই অস্তাচলৰ প্ৰতিপালক।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿١٨

18এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

مَرَجَ ٱلۡبَحۡرَيۡنِ يَلۡتَقِيَانِ﴿١٩

19তেৱেঁ দুই সাগৰক প্ৰবাহিত কৰে, উভয়ে পৰস্পৰ মিলিত হয়,

بَيۡنَهُمَا بَرۡزَخٞ لَّا يَبۡغِيَانِ﴿٢٠

20কিন্তু সিহঁত উভয়ৰ মাজত আছে এটা অন্তৰাল, যিটো সিহঁতে অতিক্ৰম কৰিব নোৱাৰে।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٢١

21এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

يَخۡرُجُ مِنۡهُمَا ٱللُّؤۡلُؤُ وَٱلۡمَرۡجَانُ﴿٢٢

22উভয় সাগৰৰ পৰা উৎপন্ন হয় মুকুতা আৰু পোৱাল।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٢٣

23এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

وَلَهُ ٱلۡجَوَارِ ٱلۡمُنشَـَٔاتُ فِي ٱلۡبَحۡرِ كَٱلۡأَعۡلَٰمِ﴿٢٤

24আৰু সাগৰত বিচৰণশীল পৰ্বত সদৃশ নৌযানসমূহ তেওঁৰেই (নিয়ন্ত্ৰণাধীন);

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٢٥

25এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

كُلُّ مَنۡ عَلَيۡهَا فَانٖ﴿٢٦

26ভূপৃষ্ঠত যি আছে সকলো ধ্বংসশীল,

وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ﴿٢٧

27আৰু অবিনশ্বৰ কেৱল তোমাৰ প্ৰতিপালকৰ চেহেৰা, যিজন মহিমাময়, মহানুভৱ;

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٢٨

28এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

يَسۡـَٔلُهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ كُلَّ يَوۡمٍ هُوَ فِي شَأۡنٖ﴿٢٩

29আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٣٠

30এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

سَنَفۡرُغُ لَكُمۡ أَيُّهَ ٱلثَّقَلَانِ﴿٣١

31হে মানৱ আৰু জিন! আমি অনতিপলমে তোমালোকৰ (হিচাপ-নিকাচ গ্ৰহণৰ) প্ৰতি মনোনিৱেশ কৰিম।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٣٢

32এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

يَٰمَعۡشَرَ ٱلۡجِنِّ وَٱلۡإِنسِ إِنِ ٱسۡتَطَعۡتُمۡ أَن تَنفُذُواْ مِنۡ أَقۡطَارِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ فَٱنفُذُواْۚ لَا تَنفُذُونَ إِلَّا بِسُلۡطَٰنٖ﴿٣٣

33হে জিন আৰু মানৱ সম্প্ৰদায়! আকাশমণ্ডল আৰু পৃথিৱীৰ সীমা যদি তোমালোকে অতিক্ৰম কৰিব পাৰা তেন্তে অতিক্ৰম কৰা, কিন্তু তোমালোকে (আল্লাহৰ) শক্তি অবিহনে অতিক্ৰম কৰিব নোৱাৰিবা।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٣٤

34এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

يُرۡسَلُ عَلَيۡكُمَا شُوَاظٞ مِّن نَّارٖ وَنُحَاسٞ فَلَا تَنتَصِرَانِ﴿٣٥

35তোমালোক উভয়ৰে প্ৰতি প্ৰেৰণ কৰা হ’ব অগ্নিশিখা আৰু ধুম্ৰপুঞ্জ (অথবা গলিত তাম), তেতিয়া তোমালোকে প্ৰতিৰোধ কৰিব নোৱাৰিবা।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٣٦

36এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَإِذَا ٱنشَقَّتِ ٱلسَّمَآءُ فَكَانَتۡ وَرۡدَةٗ كَٱلدِّهَانِ﴿٣٧

37যিদিনা আকাশ বিদীৰ্ণ হ’ব সেইদিনা ই তেজবৰ্ণ গোলাপৰ দৰে ৰঙা ছালৰ ৰূপ ধাৰণ কৰিব;

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٣٨

38এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فَيَوۡمَئِذٖ لَّا يُسۡـَٔلُ عَن ذَنۢبِهِۦٓ إِنسٞ وَلَا جَآنّٞ﴿٣٩

39গতিকে সেইদিনা মানুহকো তাৰ অপৰাধ সম্পৰ্কে সোধা নহ’ব আৰু জিনকো নহয়।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٤٠

40এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

يُعۡرَفُ ٱلۡمُجۡرِمُونَ بِسِيمَٰهُمۡ فَيُؤۡخَذُ بِٱلنَّوَٰصِي وَٱلۡأَقۡدَامِ﴿٤١

41অপৰাধীসকলৰ পৰিচয় পোৱা যাব সিহঁতৰ লক্ষণৰ দ্বাৰা, তাৰ পিছত সিহঁতৰ আগচুলি আৰু ভৰিত ধৰি টানি নিয়া হ’ব।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٤٢

42এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

هَٰذِهِۦ جَهَنَّمُ ٱلَّتِي يُكَذِّبُ بِهَا ٱلۡمُجۡرِمُونَ﴿٤٣

43এইটোৱে হৈছে সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।

يَطُوفُونَ بَيۡنَهَا وَبَيۡنَ حَمِيمٍ ءَانٖ﴿٤٤

44সিহঁত জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘুৰি থাকিব।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٤٥

45এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

وَلِمَنۡ خَافَ مَقَامَ رَبِّهِۦ جَنَّتَانِ﴿٤٦

46আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত উপস্থিত হোৱাৰ ভয় পোষণ কৰে, তাৰ বাবে আছে দুখন জান্নাত।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٤٧

47এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

ذَوَاتَآ أَفۡنَانٖ﴿٤٨

48উভয়েই বহু শাখা-পল্লববিশিষ্ট।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٤٩

49এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فِيهِمَا عَيۡنَانِ تَجۡرِيَانِ﴿٥٠

50উভয় জান্নাতত আছে প্ৰবাহমান দুখন নিজৰা;

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٥١

51এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فِيهِمَا مِن كُلِّ فَٰكِهَةٖ زَوۡجَانِ﴿٥٢

52উভয়ৰ মাজত আছে প্ৰতিটো ফল দুই দুই প্ৰকাৰৰ।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٥٣

53এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

مُتَّكِـِٔينَ عَلَىٰ فُرُشِۭ بَطَآئِنُهَا مِنۡ إِسۡتَبۡرَقٖۚ وَجَنَى ٱلۡجَنَّتَيۡنِ دَانٖ﴿٥٤

54তাত তেওঁলোকে আউজি বহিব এনেকুৱা বিছনাত যাৰ অভ্যন্তৰভাগ হ'ব সিংখাপেৰে তৈৰী সুকোমল; আৰু উভয় জান্নাতৰ ফল-মূল থাকিব নিকটৱৰ্তী।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٥٥

55এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فِيهِنَّ قَٰصِرَٰتُ ٱلطَّرۡفِ لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ﴿٥٦

56তাত থাকিব স্বামীৰ প্ৰতি দৃষ্টি সীমিতকাৰী ৰূপহীসকল, যিসকলক ইতিপূৰ্বে কোনো মানুহে অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٥٧

57এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

كَأَنَّهُنَّ ٱلۡيَاقُوتُ وَٱلۡمَرۡجَانُ﴿٥٨

58সিহঁত যেনিবা পদ্মৰাগ মণি আৰু মুকুতা।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٥٩

59এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

هَلۡ جَزَآءُ ٱلۡإِحۡسَٰنِ إِلَّا ٱلۡإِحۡسَٰنُ﴿٦٠

60উত্তম কামৰ প্ৰতিদান উত্তমৰ বাহিৰে আৰুনো কি হ’ব পাৰে?

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٦١

61এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

وَمِن دُونِهِمَا جَنَّتَانِ﴿٦٢

62আৰু এই দুখন জান্নাতৰ বাহিৰেও আৰু দুখন জান্নাত আছে।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٦٣

63এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

مُدۡهَآمَّتَانِ﴿٦٤

64জান্নাত দুখন হৈছে ঘন সেউজীয়া।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٦٥

65এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فِيهِمَا عَيۡنَانِ نَضَّاخَتَانِ﴿٦٦

66এই দুখন জান্নাতত আছে উচ্ছলিত দুখন নিজৰা।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٦٧

67এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فِيهِمَا فَٰكِهَةٞ وَنَخۡلٞ وَرُمَّانٞ﴿٦٨

68তাত আছে ফল-মূল, খেজুৰ আৰু ডালিম।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٦٩

69এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

فِيهِنَّ خَيۡرَٰتٌ حِسَانٞ﴿٧٠

70সেই জান্নাতসমূহৰ মাজত আছে চৰিত্ৰৱৰ্তী, ৰূপহী ৰমণী।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٧١

71এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

حُورٞ مَّقۡصُورَٰتٞ فِي ٱلۡخِيَامِ﴿٧٢

72চামিয়ানাবোৰত সুৰক্ষিতা হৈ থাকিব হুৰসকল।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٧٣

73এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

لَمۡ يَطۡمِثۡهُنَّ إِنسٞ قَبۡلَهُمۡ وَلَا جَآنّٞ﴿٧٤

74যিসকলক ইতিপূৰ্বে কোনো মানুহ অথবা কোনো জিনে স্পৰ্শ কৰা নাই।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٧٥

75এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

مُتَّكِـِٔينَ عَلَىٰ رَفۡرَفٍ خُضۡرٖ وَعَبۡقَرِيٍّ حِسَانٖ﴿٧٦

76সিহঁতে আউজি বহিব সেউজীয়া দলিছা আৰু ধুনীয়া সিংখাপৰ গাদীযুক্ত আসনত।

فَبِأَيِّ ءَالَآءِ رَبِّكُمَا تُكَذِّبَانِ﴿٧٧

77এতেকে (হে মানৱ আৰু জিন সম্প্ৰদায়!) তোমালোক উভয়ে তোমালোকৰ প্ৰতিপালকৰ কোনটো অনুগ্ৰহক অস্বীকাৰ কৰিবা?

تَبَٰرَكَ ٱسۡمُ رَبِّكَ ذِي ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ﴿٧٨

78বৰকতময় তোমাৰ প্ৰতিপালকৰ নাম, যিজন মহামহিম আৰু মহানুভৱ।

RELATED SURAHS