الواقعة
The Event • 96 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1যেতিয়া কিয়ামত সংঘটিত হ’ব,
2(তেতিয়া) ইয়াৰ সংঘটিত হোৱাক অস্বীকাৰ কৰিব পৰা কোনো নাথাকিব।
3ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;
4যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,
5আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,
6ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;
7আৰু তোমালোক বিভক্ত হৈ পৰিবা তিনিটা দলত----
8এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!
9আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!
10আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,
11তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--
12(তেওঁলোক থাকিব) নিয়ামতেৰে ভৰা জান্নাতত,
13বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
14আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
15সোণেৰে নিৰ্মিত আসনমূহত,
16তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।
17তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকল,
18প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,
19সেই সুৰা সেৱন কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--
20আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,
21আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।
22আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,
23যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,
24তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।
25তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,
26শুনিব কেৱল ছালাম আৰু ছালাম (শান্তি বাক্য)।
27আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!
28তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,
29আৰু থোকেৰে ভৰা কল গছ,
30আৰু সম্প্ৰসাৰিত ছাঁ,
31আৰু সদায় প্ৰবাহমান পানী,
32আৰু প্ৰচুৰ ফল-মূল,
33যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।
34লগতে (তেওঁলোক থাকিব) সুউচ্চ শয্যাসমূহত;
35নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---
36তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,
37নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,
38সোঁফালৰ লোকসকলৰ বাবে।
39বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;
40আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।
41আনহাতে বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
42সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
43আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,
44যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।
45নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,
46আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপকৰ্মত।
47আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৃত্যু হৈ মাটি আৰু হাড়ত পৰিণত হ'ম, তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?
48‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?
49কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--
50সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।
51তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!
52নিশ্চয় (তোমালোকে) আহাৰ কৰিবা যাক্কুম গছৰ পৰা,
53সেইটোৰেই তোমালোকে পেট ভৰাবা,
54তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
55তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
56প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।
57আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?
58তোমালোকে ভাবি চাইছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?
59সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
60আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--
61(যে) তোমালোকৰ স্থানত তোমালোকৰ দৰে লোকক আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।
62আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?
63তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?
64সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?
65আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;
66(আৰু এই বুলি ক’বা যে) ‘নিশ্চয় আমি ঋণগ্ৰস্ত হৈ পৰিলোঁ’,
67‘বৰং আমি বঞ্চিত’।
68তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে ভাবিছানে?
69মেঘৰ পৰা সেই পানী তোমালোকে নমাই আনা, নে আমি বৰ্ষণ কৰোঁ?
70আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা কিয়?
71তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে চিন্তা কৰিছানে?
72তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?
73ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভূমিত বাস কৰা লোকৰ বাবে প্ৰয়োজনীয় বস্তু।
74এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।
75এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,
76আৰু নিশ্চয় এইটো এটা মহা শপত, যদি তোমালোকে জানিলাহেঁতেন--
77নিশ্চয় এইখন মহিমান্বিত কোৰআন,
78যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।
79পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।
80এইখন বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।
81তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?
82আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!
83এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,
84আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,
85আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।
86এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,
87তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!
88তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,
89তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।
90আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,
91তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।
92কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,
93তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,
94আৰু জাহান্নামৰ দহনেৰে;
95নিশ্চয় এইটো সুনিশ্চিত সত্য।
96এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।