Al-Ghashiyah

الغاشية

The Overwhelming26 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡغَٰشِيَةِ﴿١

1তোমাৰ ওচৰলৈ আচ্ছন্নকাৰী (ক্বিয়ামতৰ) সংবাদ আহিছেনে?

وُجُوهٞ يَوۡمَئِذٍ خَٰشِعَةٌ﴿٢

2সেইদিনা কিছুমান মুখমণ্ডল হ’ব অৱনত,

عَامِلَةٞ نَّاصِبَةٞ﴿٣

3কৰ্মক্লান্ত, পৰিশ্ৰান্ত,

تَصۡلَىٰ نَارًا حَامِيَةٗ﴿٤

4সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত;

تُسۡقَىٰ مِنۡ عَيۡنٍ ءَانِيَةٖ﴿٥

5(সিহঁতক) উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ’ব;

لَّيۡسَ لَهُمۡ طَعَامٌ إِلَّا مِن ضَرِيعٖ﴿٦

6সিহঁতৰ বাবে কাঁইটবিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব,

لَّا يُسۡمِنُ وَلَا يُغۡنِي مِن جُوعٖ﴿٧

7এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব।

وُجُوهٞ يَوۡمَئِذٖ نَّاعِمَةٞ﴿٨

8সেইদিনা কিছুমান মুখমণ্ডল হ’ব আনন্দোজ্জ্বল,

لِّسَعۡيِهَا رَاضِيَةٞ﴿٩

9নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত,

فِي جَنَّةٍ عَالِيَةٖ﴿١٠

10(তেওঁলোকে স্থান পাব) সুউচ্চ জান্নাতত,

لَّا تَسۡمَعُ فِيهَا لَٰغِيَةٗ﴿١١

11তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব,

فِيهَا عَيۡنٞ جَارِيَةٞ﴿١٢

12তাত থাকিব প্ৰবাহমান নিজৰা,

فِيهَا سُرُرٞ مَّرۡفُوعَةٞ﴿١٣

13তাত থাকিব উন্নত শয্যাসমূহ,

وَأَكۡوَابٞ مَّوۡضُوعَةٞ﴿١٤

14আৰু প্ৰস্তুত থাকিব পানপাত্ৰসমূহ,

وَنَمَارِقُ مَصۡفُوفَةٞ﴿١٥

15আৰু শাৰী শাৰীকৈ ৰখা গাৰুসমূহ,

وَزَرَابِيُّ مَبۡثُوثَةٌ﴿١٦

16আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ,

أَفَلَا يَنظُرُونَ إِلَى ٱلۡإِبِلِ كَيۡفَ خُلِقَتۡ﴿١٧

17ইহঁতে উটৰ পিনে দৃষ্টিপাত নকৰে নেকি, কেনেকৈ তাক সৃষ্টি কৰা হৈছে?

وَإِلَى ٱلسَّمَآءِ كَيۡفَ رُفِعَتۡ﴿١٨

18আৰু আকাশৰ ফালে, কেনেকৈ তাক উৰ্দ্ধত স্থাপন কৰা হৈছে?

وَإِلَى ٱلۡجِبَالِ كَيۡفَ نُصِبَتۡ﴿١٩

19আৰু পৰ্বতসমূহৰ ফালে, সেইবোৰ কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে?

وَإِلَى ٱلۡأَرۡضِ كَيۡفَ سُطِحَتۡ﴿٢٠

20আৰু পৃথিৱীখনৰ ফালে, কিদৰে তাক বিস্তৃত কৰা হৈছে?

فَذَكِّرۡ إِنَّمَآ أَنتَ مُذَكِّرٞ﴿٢١

21এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা,

لَّسۡتَ عَلَيۡهِم بِمُصَيۡطِرٍ﴿٢٢

22তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়।

إِلَّا مَن تَوَلَّىٰ وَكَفَرَ﴿٢٣

23কিন্তু কোনোবাই মুখ ঘূৰাই ল’লে অথবা কুফৰী কৰিলে,

فَيُعَذِّبُهُ ٱللَّهُ ٱلۡعَذَابَ ٱلۡأَكۡبَرَ﴿٢٤

24তেন্তে আল্লাহে তাক মহাশাস্তি প্ৰদান কৰিব।

إِنَّ إِلَيۡنَآ إِيَابَهُمۡ﴿٢٥

25নিশ্চয় আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন।

ثُمَّ إِنَّ عَلَيۡنَا حِسَابَهُم﴿٢٦

26আৰু সিহঁতৰ হিচাপ-নিকাচ আমাৰেই দায়িত্ব।

RELATED SURAHS