الطارق
The Night Comer • 17 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1শপত আকাশৰ আৰু যি ৰাতিত আত্মপ্ৰকাশ কৰে;
2আৰু কিহে তোমাক জনাব যে, ৰাতিত যিয়ে আত্মপ্ৰকাশ কৰে, সেয়ানো কি?
3(সেয়া হৈছে) উজ্জ্বল নক্ষত্ৰ।
4প্ৰত্যেক জীৱৰ ওপৰতেই এজন তত্ত্বাৱধায়ক আছে।
5এতেকে মানুহে চিন্তা কৰা উচিত যে, তাক কিহেৰে সৃষ্টি কৰা হৈছে!
6তাক সৃষ্টি কৰা হৈছে দ্ৰুতগতিত স্খলিত হোৱা পানীৰে,
7যিটো নিৰ্গত হয় মেৰুদণ্ড আৰু বুকুৰ মাজৰ পৰা।
8নিশ্চয় তেওঁ তাক ওভোতাই আনিবলৈ সক্ষম।
9যিদিনা গোপন বিষয়সমূহ পৰীক্ষা কৰা হ’ব,
10সেইদিনা তাৰ কোনো শক্তি নাথাকিব আৰু কোনো সহায়কাৰীও নাথাকিব।
11শপত আকাশৰ, যিয়ে বৰষুণ ধাৰণ কৰে,
12শপত পৃথিৱীৰ, যিটো বিদীৰ্ণ হয়,
13নিশ্চয় এইখন (আল-কোৰআন) হৈছে মীমাংসাকাৰী বাণী।
14আৰু এইখন নিৰৰ্থক নহয়।
15নিশ্চয় সিহঁতে ভীষণ ষড়যন্ত্ৰ কৰে,
16আৰু ময়ো ভীষণ কৌশল কৰিছোঁ।
17এতেকে কাফিৰসকলক অৱকাশ দিয়া; সিহঁতক কিছু সময়ৰ বাবে অৱকাশ দিয়া।