البروج
The Great Stars • 22 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1শপত বুৰূজবিশিষ্ট আকাশৰ,
2শপত প্ৰতিশ্ৰুতিকৃত দিৱসৰ,
3শপত দ্ৰষ্টা আৰু দৃষ্টৰ,
4অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,
5য’ত আছিল ইন্ধনপূৰ্ণ জুই।
6যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;
7আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।
8আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,
9যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।
10নিশ্চয় যিসকলে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, লগতে সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
11নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীমালা প্ৰবাহিত; এইটোৱে হৈছে মহা সফলতা।
12নিশ্চয় তোমাৰ প্ৰতিপালকৰ কৰায়ত্ব অতি কঠোৰ।
13তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,
14নিশ্চয় তেওঁ ক্ষমাশীল, অতি স্নেহশীল।
15আৰছৰ অধিপতি, মহা সন্মানীয়।
16তেওঁ যি বিচাৰে সেইটোৱে কৰে।
17তোমাৰ ওচৰলৈ সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?
18ফিৰআউনৰ আৰু ছামূদৰ।
19তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;
20আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।
21প্ৰকৃততে এইখন হৈছে সন্মানিত কোৰআন,
22সুৰক্ষিত ফলকত লিপিবদ্ধ।