Al-Inshiqaq

الانشقاق

The Splitting Open25 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

إِذَا ٱلسَّمَآءُ ٱنشَقَّتۡ﴿١

1যেতিয়া আকাশখন ভাগি পৰিব,

وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ﴿٢

2আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।

وَإِذَا ٱلۡأَرۡضُ مُدَّتۡ﴿٣

3আৰু যেতিয়া পৃথিৱীক সম্প্ৰসাৰিত কৰা হ’ব।

وَأَلۡقَتۡ مَا فِيهَا وَتَخَلَّتۡ﴿٤

4আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা সকলোবোৰ বাহিৰলৈ নিক্ষেপ কৰিব আৰু ই গৰ্ভশূন্য হৈ পৰিব।

وَأَذِنَتۡ لِرَبِّهَا وَحُقَّتۡ﴿٥

5আৰু তাৰ প্ৰতিপালকৰ আদেশ পালন কৰিব আৰু এইটোৱে হৈছে তাৰ কৰ্তব্য।

يَٰٓأَيُّهَا ٱلۡإِنسَٰنُ إِنَّكَ كَادِحٌ إِلَىٰ رَبِّكَ كَدۡحٗا فَمُلَٰقِيهِ﴿٦

6হে মানৱ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰলৈ যোৱাৰ আগলৈকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তাৰ পিছতহে তুমি তেওঁৰ সাক্ষাৎ লাভ কৰিব পাৰিবা।

فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ﴿٧

7এতেকে যাৰ আমলনামা তাৰ সোঁহাতত দিয়া হ’ব;

فَسَوۡفَ يُحَاسَبُ حِسَابٗا يَسِيرٗا﴿٨

8অত্যন্ত সহজভাৱে তাৰ হিচাপ-নিকাচ লোৱা হ’ব।

وَيَنقَلِبُ إِلَىٰٓ أَهۡلِهِۦ مَسۡرُورٗا﴿٩

9আৰু তেওঁ তাৰ আপোনজনৰ ওচৰলৈ প্ৰফুল্লচিত্তে উভতি যাব;

وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ وَرَآءَ ظَهۡرِهِۦ﴿١٠

10আৰু যাৰ আমলনামা পিছফালৰ পৰা দিয়া হ’ব,

فَسَوۡفَ يَدۡعُواْ ثُبُورٗا﴿١١

11সি নিজৰ বাবে ধ্বংস মাতিব;

وَيَصۡلَىٰ سَعِيرًا﴿١٢

12আৰু সি জ্বলন্ত জুইত প্ৰৱেশ কৰিব;

إِنَّهُۥ كَانَ فِيٓ أَهۡلِهِۦ مَسۡرُورًا﴿١٣

13নিশ্চয় সি নিজৰ পৰিয়াল বৰ্গৰ মাজত আনন্দ ফুৰ্তিত আছিল,

إِنَّهُۥ ظَنَّ أَن لَّن يَحُورَ﴿١٤

14নিশ্চয় সি ভাবিছিল যে, সি কেতিয়াও উভতি নাযাব;

بَلَىٰٓۚ إِنَّ رَبَّهُۥ كَانَ بِهِۦ بَصِيرٗا﴿١٥

15কিয় নাযাব, নিশ্চয় তাৰ প্ৰতিপালক তাৰ ওপৰত সম্যক দৃষ্টি দানকাৰী।

فَلَآ أُقۡسِمُ بِٱلشَّفَقِ﴿١٦

16এতেকে মই শপত কৰিছোঁ পশ্চিম আকাশৰ ৰঙা কিৰণৰ,

وَٱلَّيۡلِ وَمَا وَسَقَ﴿١٧

17ৰাতিৰ শপত আৰু ই যিবোৰৰ সমাবেশ ঘটায়,

وَٱلۡقَمَرِ إِذَا ٱتَّسَقَ﴿١٨

18আৰু চন্দ্ৰৰ শপত, যেতিয়া ই পূৰ্ণতা লাভ কৰে;

لَتَرۡكَبُنَّ طَبَقًا عَن طَبَقٖ﴿١٩

19নিশ্চয় তোমালোকে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ আৰোহণ কৰিবা।

فَمَا لَهُمۡ لَا يُؤۡمِنُونَ﴿٢٠

20কিন্তু সিহঁতৰ কি হ’ল, সিহঁতে ঈমান পোষণ নকৰে কিয়?

وَإِذَا قُرِئَ عَلَيۡهِمُ ٱلۡقُرۡءَانُ لَا يَسۡجُدُونَۤ۩﴿٢١

21আৰু যেতিয়া সিহঁতৰ ওচৰত কোৰআন তিলাৱাত কৰা হয় তেতিয়া সিহঁতে ছাজদা নকৰে কিয়?

بَلِ ٱلَّذِينَ كَفَرُواْ يُكَذِّبُونَ﴿٢٢

22বৰং কাফিৰসকলে অস্বীকাৰ কৰে।

وَٱللَّهُ أَعۡلَمُ بِمَا يُوعُونَ﴿٢٣

23আৰু সিহঁতে (অন্তৰত) যি পোষণ কৰে আল্লাহে সেই বিষয়ে সবিশেষ অৱগত।

فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٍ﴿٢٤

24সেয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সুসংবাদ দিয়া;

إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّٰلِحَٰتِ لَهُمۡ أَجۡرٌ غَيۡرُ مَمۡنُونِۭ﴿٢٥

25কিন্তু যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন প্ৰতিদান।

RELATED SURAHS