الشمس
The Sun • 15 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1শপত সূৰ্যৰ আৰু তাৰ পোহৰৰ,
2শপত চন্দ্ৰৰ, যেতিয়া সূৰ্যৰ পিছত ইয়াৰ আবিৰ্ভাৱ হয়,
3আৰু দিনৰ শপত, যেতিয়া ই সূৰ্যক প্ৰকাশ কৰে,
4ৰাতিৰ শপত যেতিয়া ই সূৰ্যক আচ্ছাদিত কৰে,
5শপত আকাশৰ আৰু সেই সত্ত্বাৰ যিজনে ইয়াক নিৰ্মাণ কৰিছে,
6পৃথিৱীৰ শপত আৰু যিজনে ইয়াক বিস্তৃত কৰিছে,
7শপত প্ৰাণৰ আৰু যিজনে ইয়াক সুবিন্যস্ত কৰিছে,
8তাৰ পিছত ইয়াক তাৰ সৎকৰ্মৰ আৰু অসৎকৰ্মৰ জ্ঞান দান কৰিছে,
9নিঃসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
10আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
11ছামূদ সম্প্ৰদায়ে অবাধ্যতাবশতঃ (সত্যক) অস্বীকাৰ কৰিছিল।
12যেতিয়া সিহঁতৰ মাজৰ দুৰ্ভগীয়া ব্যক্তিজন তৎপৰ হৈ উঠিছিল,
13তেতিয়া আল্লাহৰ ৰাছুলে সিহঁতক কৈছিল, 'আল্লাহৰ উটজনীক আৰু তাইৰ পানী খোৱা সম্পৰ্কে সাৱধান হোৱা'।
14কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল আৰু উটজনীক বধ কৰিছিল। ফলত সিহঁতৰ প্ৰতিপালকে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক সমূলে ধ্বংস কৰি একাকাৰ কৰি দিছিল।
15আৰু তেওঁ ইয়াৰ পৰিণামক কেতিয়াও ভয় নকৰে।