An-Nazi'at

النازعات

Those Who Drag Forth46 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

وَٱلنَّٰزِعَٰتِ غَرۡقٗا﴿١

1শপত নিৰ্মমভাৱে উৎপটনকাৰীসকলৰ।

وَٱلنَّٰشِطَٰتِ نَشۡطٗا﴿٢

2শপত মৃদুভাৱে বন্ধনমূক্তকাৰীসকলৰ।

وَٱلسَّٰبِحَٰتِ سَبۡحٗا﴿٣

3শপত তীব্ৰগতিত সাঁতুৰি ফুৰাসকলৰ।

فَٱلسَّٰبِقَٰتِ سَبۡقٗا﴿٤

4আৰু দ্ৰুতগতিত আগবাঢ়ি যোৱাসকলৰ।

فَٱلۡمُدَبِّرَٰتِ أَمۡرٗا﴿٥

5তাৰ পিছত যাৱতীয় কাম নিৰ্বাহকাৰীসকলৰ।

يَوۡمَ تَرۡجُفُ ٱلرَّاجِفَةُ﴿٦

6সেইদিনা কম্পনকাৰীয়ে প্ৰকম্পিত কৰিব।

تَتۡبَعُهَا ٱلرَّادِفَةُ﴿٧

7তাক অনুসৰণ কৰিব পৰবৰ্তী কম্পনকাৰীয়ে।

قُلُوبٞ يَوۡمَئِذٖ وَاجِفَةٌ﴿٨

8সেইদিনা কিছুমান হৃদয়, ভয়ত সন্ত্ৰস্ত হ’ব।

أَبۡصَٰرُهَا خَٰشِعَةٞ﴿٩

9সিহঁতৰ দৃষ্টিসমূহ আতংকিত হৈ নত হ’ব।

يَقُولُونَ أَءِنَّا لَمَرۡدُودُونَ فِي ٱلۡحَافِرَةِ﴿١٠

10সিহঁতে কয়, ‘আমি আকৌ আগৰ অৱস্থালৈ উভতি যামনে?

أَءِذَا كُنَّا عِظَٰمٗا نَّخِرَةٗ﴿١١

11যেতিয়া আমি চূৰ্ণবিচূৰ্ণ অস্থিত পৰিণত হম’?

قَالُواْ تِلۡكَ إِذٗا كَرَّةٌ خَاسِرَةٞ﴿١٢

12সিহঁতে কয়, ‘যদি এইটোৱে হয় তেন্তে এইটো এটা ক্ষতিকৰ প্ৰত্যাৱৰ্তন’।

فَإِنَّمَا هِيَ زَجۡرَةٞ وَٰحِدَةٞ﴿١٣

13প্ৰকৃততে এইটো এটা মহাগৰ্জন মাত্ৰ।

فَإِذَا هُم بِٱلسَّاهِرَةِ﴿١٤

14তৎক্ষণাত ভূ-পৃষ্ঠত সিহঁতৰ আবিৰ্ভাৱ হ’ব।

هَلۡ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ﴿١٥

15মূছাৰ ঘটনা সম্পৰ্কে তুমি অৱগত হৈছানে?

إِذۡ نَادَىٰهُ رَبُّهُۥ بِٱلۡوَادِ ٱلۡمُقَدَّسِ طُوًى﴿١٦

16যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক পৱিত্ৰ তুৱা উপত্যকাত মাতি কৈছিল,

ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ﴿١٧

17‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালংঘন কৰিছে,

فَقُلۡ هَل لَّكَ إِلَىٰٓ أَن تَزَكَّىٰ﴿١٨

18এতেকে তাক গৈ কোৱা ‘তুমি পৱিত্ৰ হ’ব বিচৰানে?

وَأَهۡدِيَكَ إِلَىٰ رَبِّكَ فَتَخۡشَىٰ﴿١٩

19আৰু মই তোমাক তোমাৰ প্ৰতিপালকৰ পিনে পথপ্ৰদৰ্শন কৰোঁ, যাতে তুমি তেওঁক ভয় কৰা’।

فَأَرَىٰهُ ٱلۡأٓيَةَ ٱلۡكُبۡرَىٰ﴿٢٠

20তাৰ পিছত, তেওঁ তাক মহা নিদৰ্শন দেখুৱালে।

فَكَذَّبَ وَعَصَىٰ﴿٢١

21কিন্তু সি অস্বীকাৰ কৰিলে আৰু অমান্য কৰিলে।

ثُمَّ أَدۡبَرَ يَسۡعَىٰ﴿٢٢

22তাৰ পিছত সি পিছফালে উভতি প্ৰতিবিধানত সচেষ্ট হ’ল।

فَحَشَرَ فَنَادَىٰ﴿٢٣

23তাৰ পিছত সকলোকে একত্ৰিত কৰি ঘোষণা কৰিলে,

فَقَالَ أَنَا۠ رَبُّكُمُ ٱلۡأَعۡلَىٰ﴿٢٤

24আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।

فَأَخَذَهُ ٱللَّهُ نَكَالَ ٱلۡأٓخِرَةِ وَٱلۡأُولَىٰٓ﴿٢٥

25অৱশেষত আল্লাহে তাক আখিৰাত আৰু পৃথিৱীৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে।

إِنَّ فِي ذَٰلِكَ لَعِبۡرَةٗ لِّمَن يَخۡشَىٰٓ﴿٢٦

26নিশ্চয় যিয়ে ভয় কৰে তাৰ বাবে ইয়াত শিক্ষা আছে।

ءَأَنتُمۡ أَشَدُّ خَلۡقًا أَمِ ٱلسَّمَآءُۚ بَنَىٰهَا﴿٢٧

27তোমালোকক সৃষ্টি কৰাটো কঠিন নে আকাশ সৃষ্টি কৰা কঠিন? তেৱেঁই ইয়াক নিৰ্মান কৰিছে।

رَفَعَ سَمۡكَهَا فَسَوَّىٰهَا﴿٢٨

28তেৱেঁই ইয়াৰ চালিখনক সুউচ্চ কৰিছে আৰু সুবিন্যস্ত কৰিছে।

وَأَغۡطَشَ لَيۡلَهَا وَأَخۡرَجَ ضُحَىٰهَا﴿٢٩

29আৰু তেৱেঁই ইয়াৰ ৰাতিক কৰিছে অন্ধকাৰ আৰু প্ৰকাশ কৰিছে পূৰ্বাহ্নৰ পোহৰ।

وَٱلۡأَرۡضَ بَعۡدَ ذَٰلِكَ دَحَىٰهَآ﴿٣٠

30তাৰ পিছত, তেওঁ পৃথিৱীখনক বিস্তৃত (বাসোপযোগী) কৰিছে।

أَخۡرَجَ مِنۡهَا مَآءَهَا وَمَرۡعَىٰهَا﴿٣١

31তেৱেঁই তাৰ পৰা উলিয়াইছে পানী আৰু তৃণভূমি,

وَٱلۡجِبَالَ أَرۡسَىٰهَا﴿٣٢

32আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,

مَتَٰعٗا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ﴿٣٣

33এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।

فَإِذَا جَآءَتِ ٱلطَّآمَّةُ ٱلۡكُبۡرَىٰ﴿٣٤

34আৰু যিদিনা মহাসংকট উপস্থিত হ’ব,

يَوۡمَ يَتَذَكَّرُ ٱلۡإِنسَٰنُ مَا سَعَىٰ﴿٣٥

35সেইদিনা মানুহে স্মৰণ কৰিব যিটো সি (বিগত দিনত) কৰিছে,

وَبُرِّزَتِ ٱلۡجَحِيمُ لِمَن يَرَىٰ﴿٣٦

36আৰু দৰ্শকসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ’ব।

فَأَمَّا مَن طَغَىٰ﴿٣٧

37এতেকে যিয়ে সীমালংঘন কৰে,

وَءَاثَرَ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا﴿٣٨

38আৰু পৃথিৱীৰ জীৱনক অগ্ৰাধিকাৰ দিয়ে,

فَإِنَّ ٱلۡجَحِيمَ هِيَ ٱلۡمَأۡوَىٰ﴿٣٩

39নিশ্চয় জাহান্নামেই হ’ব তাৰ আবাসস্থল।

وَأَمَّا مَنۡ خَافَ مَقَامَ رَبِّهِۦ وَنَهَى ٱلنَّفۡسَ عَنِ ٱلۡهَوَىٰ﴿٤٠

40আৰু যিয়ে তাৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’বলৈ ভয় কৰে আৰু কুপ্ৰবৃত্তিৰ পৰা নিজকে বিৰত ৰাখে,

فَإِنَّ ٱلۡجَنَّةَ هِيَ ٱلۡمَأۡوَىٰ﴿٤١

41নিশ্চয় জান্নাতেই হ’ব তেওঁৰ আবাসস্থল।

يَسۡـَٔلُونَكَ عَنِ ٱلسَّاعَةِ أَيَّانَ مُرۡسَىٰهَا﴿٤٢

42সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, ই কেতিয়া সংঘটিত হ’ব?

فِيمَ أَنتَ مِن ذِكۡرَىٰهَآ﴿٤٣

43সেইটো আলোচনা কৰাৰ (প্ৰকৃত) জ্ঞান তোমাৰ আছেনে?

إِلَىٰ رَبِّكَ مُنتَهَىٰهَآ﴿٤٤

44ইয়াৰ প্ৰকৃত জ্ঞান আছে (কেৱল) তোমাৰ প্ৰতিপালকৰ ওচৰতহে;

إِنَّمَآ أَنتَ مُنذِرُ مَن يَخۡشَىٰهَا﴿٤٥

45যিয়ে ইয়াক ভয় কৰে তুমি কেৱল তাৰ বাবে সতৰ্ককাৰী।

كَأَنَّهُمۡ يَوۡمَ يَرَوۡنَهَا لَمۡ يَلۡبَثُوٓاْ إِلَّا عَشِيَّةً أَوۡ ضُحَىٰهَا﴿٤٦

46যিদিনা সিহঁতে ইয়াক দেখিবলৈ পাব, সেইদিনা সিহঁতৰ এইটো ধাৰণা হ’ব যে, সিহঁতে পৃথিৱীত কেৱল এটা সন্ধিয়া অথবা এটা প্ৰভাততকৈ বেছি সময় অৱস্থান কৰা নাছিল।

RELATED SURAHS