عبس
He Frowned • 42 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে,
2তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে।
3কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,
4অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।
5আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে,
6তুমি তাৰ প্ৰতি মনোযোগ দিছা।
7অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই,
8আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল,
9আৰু সি (আল্লাহক) ভয়ো কৰে,
10তাৰ প্ৰতি তুমি উদাসীন হ’লা।
11কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী,
12গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,
13এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।
14সমুন্নত, পৱিত্ৰ,
15লেখক বা দূতসকলৰ হাতত।
16(যিসকল) মহাসন্মানিত, পূণ্যৱান।
17মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ!
18তেওঁ তাক কি বস্তুৰে সৃষ্টি কৰিছে?
19শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,
20তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;
21তাৰ পিছত তেৱেঁই তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।
22ইয়াৰ পিছত তেওঁ যেতিয়া ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।
23কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই।
24এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।
25নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,
26তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;
27তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য;
28আঙুৰ আৰু শাক-পাচলি,
29যায়তুন আৰু খেজুৰ গছ,
30ঘন গছ-গছনি বিশিষ্ট উদ্যান,
31ফল-মূল আৰু তৃণ-ঘাঁহ,
32এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।
33এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব,
34সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,
35আৰু তাৰ মাক-বাপেকৰ পৰা,
36তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,
37সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা, যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।
38সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,
39হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,
40আনহাতে সেইদিনা কিছুমান চেহেৰা হ’ব ধূলিৰে মলিন,
41ক’লা আৱৰণে আৱৰি ধৰিব।
42ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী।