'Abasa

عبس

He Frowned42 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

عَبَسَ وَتَوَلَّىٰٓ﴿١

1তেওঁ বিৰক্ত প্ৰকাশ কৰিলে আৰু মুখ ঘূৰাই ল’লে,

أَن جَآءَهُ ٱلۡأَعۡمَىٰ﴿٢

2তেওঁৰ ওচৰলৈ অন্ধ ব্যক্তিজন অহাৰ কাৰণে।

وَمَا يُدۡرِيكَ لَعَلَّهُۥ يَزَّكَّىٰٓ﴿٣

3কিহে তোমাক জনাব যে, হয়তো সি পৰিশুদ্ধ হ’ব,

أَوۡ يَذَّكَّرُ فَتَنفَعَهُ ٱلذِّكۡرَىٰٓ﴿٤

4অথবা উপদেশ গ্ৰহণ কৰিব আৰু সেই উপদেশ তাৰ বাবে লাভজনক হ’ব।

أَمَّا مَنِ ٱسۡتَغۡنَىٰ﴿٥

5আনহাতে যিয়ে নিজকে অমুখাপেক্ষী বুলি ভাবে,

فَأَنتَ لَهُۥ تَصَدَّىٰ﴿٦

6তুমি তাৰ প্ৰতি মনোযোগ দিছা।

وَمَا عَلَيۡكَ أَلَّا يَزَّكَّىٰ﴿٧

7অথচ সি পৰিশুদ্ধ নহ’লেও তোমাৰ কোনো দায়িত্ব নাই,

وَأَمَّا مَن جَآءَكَ يَسۡعَىٰ﴿٨

8আনহাতে যিয়ে তোমাৰ ওচৰলৈ দৌৰি আহিল,

وَهُوَ يَخۡشَىٰ﴿٩

9আৰু সি (আল্লাহক) ভয়ো কৰে,

فَأَنتَ عَنۡهُ تَلَهَّىٰ﴿١٠

10তাৰ প্ৰতি তুমি উদাসীন হ’লা।

كَلَّآ إِنَّهَا تَذۡكِرَةٞ﴿١١

11কেতিয়াও নহয়, নিশ্চয় এইখন হৈছে উপদেশ বাণী,

فَمَن شَآءَ ذَكَرَهُۥ﴿١٢

12গতিকে যিয়ে ইচ্ছা কৰিব সিয়েই ইয়াক স্মৰণ ৰাখিব,

فِي صُحُفٖ مُّكَرَّمَةٖ﴿١٣

13এইখন মৰ্যাদাসম্পন্ন ছহীফাত লিপিবদ্ধ।

مَّرۡفُوعَةٖ مُّطَهَّرَةِۭ﴿١٤

14সমুন্নত, পৱিত্ৰ,

بِأَيۡدِي سَفَرَةٖ﴿١٥

15লেখক বা দূতসকলৰ হাতত।

كِرَامِۭ بَرَرَةٖ﴿١٦

16(যিসকল) মহাসন্মানিত, পূণ্যৱান।

قُتِلَ ٱلۡإِنسَٰنُ مَآ أَكۡفَرَهُۥ﴿١٧

17মানুহ ধ্বংস হওক, কিমান যে অকৃতজ্ঞ!

مِنۡ أَيِّ شَيۡءٍ خَلَقَهُۥ﴿١٨

18তেওঁ তাক কি বস্তুৰে সৃষ্টি কৰিছে?

مِن نُّطۡفَةٍ خَلَقَهُۥ فَقَدَّرَهُۥ﴿١٩

19শুক্ৰবিন্দুৰ পৰা। তেওঁ তাক সৃষ্টি কৰিছে, পিছত তাৰ পৰিমিত বিকাশ সাধন কৰিছে,

ثُمَّ ٱلسَّبِيلَ يَسَّرَهُۥ﴿٢٠

20তাৰ পিছত তাৰ বাবে পথ সহজ কৰি দিছে;

ثُمَّ أَمَاتَهُۥ فَأَقۡبَرَهُۥ﴿٢١

21তাৰ পিছত তেৱেঁই তাক মৃত্যু প্ৰদান কৰে আৰু কবৰস্থ কৰে।

ثُمَّ إِذَا شَآءَ أَنشَرَهُۥ﴿٢٢

22ইয়াৰ পিছত তেওঁ যেতিয়া ইচ্ছা কৰিব তাক পুনৰ্জীৱিত কৰিব।

كَلَّا لَمَّا يَقۡضِ مَآ أَمَرَهُۥ﴿٢٣

23কেতিয়াও নহয়, তেওঁ তাক যি আদেশ কৰিছিল সেয়া সি এতিয়াও পূৰণ কৰা নাই।

فَلۡيَنظُرِ ٱلۡإِنسَٰنُ إِلَىٰ طَعَامِهِۦٓ﴿٢٤

24এতেকে মানুহে নিজৰ খাদ্যৰ প্ৰতি লক্ষ্য কৰা উচিত।

أَنَّا صَبَبۡنَا ٱلۡمَآءَ صَبّٗا﴿٢٥

25নিশ্চয় আমি প্ৰচুৰ পৰিমাণে পানী বৰ্ষণ কৰোঁ,

ثُمَّ شَقَقۡنَا ٱلۡأَرۡضَ شَقّٗا﴿٢٦

26তাৰ পিছত আমি পৃথিৱীক যথাযথভাৱে বিদীৰ্ণ কৰোঁ;

فَأَنۢبَتۡنَا فِيهَا حَبّٗا﴿٢٧

27তাৰ পিছত আমি তাত উৎপন্ন কৰোঁ শস্য;

وَعِنَبٗا وَقَضۡبٗا﴿٢٨

28আঙুৰ আৰু শাক-পাচলি,

وَزَيۡتُونٗا وَنَخۡلٗا﴿٢٩

29যায়তুন আৰু খেজুৰ গছ,

وَحَدَآئِقَ غُلۡبٗا﴿٣٠

30ঘন গছ-গছনি বিশিষ্ট উদ্যান,

وَفَٰكِهَةٗ وَأَبّٗا﴿٣١

31ফল-মূল আৰু তৃণ-ঘাঁহ,

مَّتَٰعٗا لَّكُمۡ وَلِأَنۡعَٰمِكُمۡ﴿٣٢

32এইবোৰ হৈছে তোমালোকৰ আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰৰ বাবে জীৱনোপকৰণ।

فَإِذَا جَآءَتِ ٱلصَّآخَّةُ﴿٣٣

33এতেকে যেতিয়া তীক্ষ্ণ (বিকট) শব্দ আহিব,

يَوۡمَ يَفِرُّ ٱلۡمَرۡءُ مِنۡ أَخِيهِ﴿٣٤

34সেইদিনা মানুহে পলায়ন কৰিব তাৰ ভাতৃৰ পৰা,

وَأُمِّهِۦ وَأَبِيهِ﴿٣٥

35আৰু তাৰ মাক-বাপেকৰ পৰা,

وَصَٰحِبَتِهِۦ وَبَنِيهِ﴿٣٦

36তাৰ স্ত্ৰী আৰু সন্তানৰ পৰা,

لِكُلِّ ٱمۡرِيٕٖ مِّنۡهُمۡ يَوۡمَئِذٖ شَأۡنٞ يُغۡنِيهِ﴿٣٧

37সেইদিনা সিহঁত প্ৰত্যকৰে হ’ব এনে এক গুৰুতৰ অৱস্থা, যি অৱস্থাই তাক সম্পূৰ্ণৰূপে ব্যস্ত ৰাখিব।

وُجُوهٞ يَوۡمَئِذٖ مُّسۡفِرَةٞ﴿٣٨

38সেইদিনা কিছুমান চেহেৰা হ’ব উজ্জ্বল,

ضَاحِكَةٞ مُّسۡتَبۡشِرَةٞ﴿٣٩

39হাঁহিৰে ভৰা, আনন্দত উৎফুল্লিত,

وَوُجُوهٞ يَوۡمَئِذٍ عَلَيۡهَا غَبَرَةٞ﴿٤٠

40আনহাতে সেইদিনা কিছুমান চেহেৰা হ’ব ধূলিৰে মলিন,

تَرۡهَقُهَا قَتَرَةٌ﴿٤١

41ক’লা আৱৰণে আৱৰি ধৰিব।

أُوْلَٰٓئِكَ هُمُ ٱلۡكَفَرَةُ ٱلۡفَجَرَةُ﴿٤٢

42ইহঁতেই হৈছে কাফিৰ, অত্যন্ত পাপী।

RELATED SURAHS