Al-Balad

البلد

The City20 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

لَآ أُقۡسِمُ بِهَٰذَا ٱلۡبَلَدِ﴿١

1মই শপত কৰিছোঁ এই (মক্কা) নগৰৰ,

وَأَنتَ حِلُّۢ بِهَٰذَا ٱلۡبَلَدِ﴿٢

2আৰু তুমি এই নগৰৰ অধিবাসী,

وَوَالِدٖ وَمَا وَلَدَ﴿٣

3শপত জন্মদাতাৰ আৰু যিটো সি জন্ম দিছে তাৰো (শপত)।

لَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ فِي كَبَدٍ﴿٤

4নিঃসন্দেহে আমি মানুহক সৃষ্টি কৰিছোঁ কঠোৰ দুখ-কষ্টৰ মাজত।

أَيَحۡسَبُ أَن لَّن يَقۡدِرَ عَلَيۡهِ أَحَدٞ﴿٥

5সি ভাবে নেকি যে, কেতিয়াও তাৰ ওপৰত কোনোৱেই ক্ষমতাৱান নহ’ব?

يَقُولُ أَهۡلَكۡتُ مَالٗا لُّبَدًا﴿٦

6সি কয়, 'মই প্ৰচুৰ ধন-সম্পদ নাশ কৰিছোঁ'।

أَيَحۡسَبُ أَن لَّمۡ يَرَهُۥٓ أَحَدٌ﴿٧

7সি ভাবে নেকি যে, কোনেও তাক দেখা নাই?

أَلَمۡ نَجۡعَل لَّهُۥ عَيۡنَيۡنِ﴿٨

8তাৰ বাবে আমি দুটা চকু সৃষ্টি কৰা নাইনে?

وَلِسَانٗا وَشَفَتَيۡنِ﴿٩

9এখন জিভা আৰু দুখন ওঁঠ?

وَهَدَيۡنَٰهُ ٱلنَّجۡدَيۡنِ﴿١٠

10আৰু আমি তাক দেখুৱাইছোঁ দুটা পথ।

فَلَا ٱقۡتَحَمَ ٱلۡعَقَبَةَ﴿١١

11কিন্তু সি দুৰ্গম গিৰিপথত প্ৰৱেশ কৰা নাই।

وَمَآ أَدۡرَىٰكَ مَا ٱلۡعَقَبَةُ﴿١٢

12আৰু তোমাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি?

فَكُّ رَقَبَةٍ﴿١٣

13সেইটো হৈছে, দাসমুক্তি।

أَوۡ إِطۡعَٰمٞ فِي يَوۡمٖ ذِي مَسۡغَبَةٖ﴿١٤

14অথবা দুৰ্ভিক্ষৰ দিনত খাদ্যদান কৰা,

يَتِيمٗا ذَا مَقۡرَبَةٍ﴿١٥

15নিকটাত্মীয় এতীমক,

أَوۡ مِسۡكِينٗا ذَا مَتۡرَبَةٖ﴿١٦

16অথবা দৰিদ্ৰ-নিষ্পেষিত অভাৱগ্ৰস্তক,

ثُمَّ كَانَ مِنَ ٱلَّذِينَ ءَامَنُواْ وَتَوَاصَوۡاْ بِٱلصَّبۡرِ وَتَوَاصَوۡاْ بِٱلۡمَرۡحَمَةِ﴿١٧

17লগতে এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ঈমান আনিছে আৰু পৰস্পৰক ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে, লগতে উপদেশ দিয়ে পৰস্পৰক দয়া-অনুগ্ৰহ কৰিবলৈ;

أُوْلَٰٓئِكَ أَصۡحَٰبُ ٱلۡمَيۡمَنَةِ﴿١٨

18এওঁলোকেই হৈছে সৌভাগ্যশালী।

وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِنَا هُمۡ أَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ﴿١٩

19আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে দুৰ্ভগীয়া।

عَلَيۡهِمۡ نَارٞ مُّؤۡصَدَةُۢ﴿٢٠

20সিহঁতেই অবৰুদ্ধ জুইত পৰিবেষ্টিত থাকিব।

RELATED SURAHS