قريش
Quraysh • 4 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1যিহেতু ক্বুৰাইছসকল অভ্যস্ত,
2সিহঁতৰ অভ্যাস আছে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণৰ।
3এতেকে সিহঁতে এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰা উচিত।
4যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু ভয়-ভীতিৰ পৰা নিৰাপত্তা দান কৰিছে।