الفيل
The Elephant • 5 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কেনেকুৱা (আচৰণ) কৰিছিল?
2তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰক ব্যৰ্থতাত পৰ্যবসিত কৰা নাছিলনে?
3আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?
4যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।
5ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।