الهمزة
The Gossipmonger • 9 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।
2যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।
3সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱী কৰি ৰাখিব।
4কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।
5আৰু তুমি জানানে, হুতামা কি?
6ই হৈছে আল্লাহৰ প্ৰজ্বলিত জুই।
7যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।
8নিশ্চয় এইটোৱে সিহঁতক আৱদ্ধ কৰি ৰাখিব।
9ওখ ওখ স্তম্ভসমূহত।