الماعون
The Small Kindnesses • 7 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1তুমি তাক দেখিছানে, যিয়ে (আখিৰাতৰ) কৰ্মফলক অস্বীকাৰ কৰে?
2সিয়েই হৈছে সেইজন, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়,
3আৰু সি দুখিয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে।
4এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে,
5যিসকলে নিজৰ ছালাতত অমনোযোগী,
6যিসকলে আনক দেখুৱাবলৈহে (সৎকৰ্ম) কৰে,
7আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে।