المسد
The Palm Fiber • 5 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হওক।
2তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
3অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।
4আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,
5তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।