التكاثر
The Rivalry in Worldly Increase • 8 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
2যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
3সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
4আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
5হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম কি)।
6নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।
7আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
8তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।