Al-Qari'ah

القارعة

The Striking Calamity11 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

ٱلۡقَارِعَةُ﴿١

1ভীতিপ্ৰদ মহা বিপদ।

مَا ٱلۡقَارِعَةُ﴿٢

2ভীতিপ্ৰদ মহা বিপদ কি?

وَمَآ أَدۡرَىٰكَ مَا ٱلۡقَارِعَةُ﴿٣

3ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?

يَوۡمَ يَكُونُ ٱلنَّاسُ كَٱلۡفَرَاشِ ٱلۡمَبۡثُوثِ﴿٤

4সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।

وَتَكُونُ ٱلۡجِبَالُ كَٱلۡعِهۡنِ ٱلۡمَنفُوشِ﴿٥

5আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।

فَأَمَّا مَن ثَقُلَتۡ مَوَٰزِينُهُۥ﴿٦

6এতেকে যাৰ (ছোৱাবৰ) তুলাচনী গধুৰ হ’ব,

فَهُوَ فِي عِيشَةٖ رَّاضِيَةٖ﴿٧

7তেওঁ থাকিব সন্তোষজনক জীৱনত;

وَأَمَّا مَنۡ خَفَّتۡ مَوَٰزِينُهُۥ﴿٨

8আৰু যাৰ পাল্লা পাতল হ’ব,

فَأُمُّهُۥ هَاوِيَةٞ﴿٩

9তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।

وَمَآ أَدۡرَىٰكَ مَا هِيَهۡ﴿١٠

10আৰু তুমি কি জানা সেইটোনো কি?

نَارٌ حَامِيَةُۢ﴿١١

11সেইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।

RELATED SURAHS