العاديات
The Chargers • 11 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,
2যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,
3যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,
4ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;
5আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।
6নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,
7নিশ্চয় সি এই বিষয়ে সাক্ষী,
8আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত খুবেই প্ৰবল।
9সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,
10আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?
11নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।