القدر
The Power • 5 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1নিশ্চয় আমি ইয়াক অৱতীৰ্ণ কৰিছোঁ লাইলাতুল ক্বদৰত (মৰ্যাদা পূৰ্ণ ৰাতিত);
2তুমি কি জানিবা লাইলাতুল ক্বদৰ কি?
3লাইলাতুল ক্বদৰ হৈছে এহেজাৰ মাহতকৈও শ্ৰেষ্ঠ।
4সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ (জিব্ৰীল) তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে।
5শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে (শান্তি বিস্তৃত থাকে)।