الكافرون
The Disbelievers • 6 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1কোৱা, ‘হে কাফিৰসকল !
2তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,
3আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
4আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।
5আৰু মই যাৰ ইবাদত কৰোঁ, তোমালোকে তেওঁৰ ইবাদতকাৰী নহয়,
6(গতিকে) তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।