الانفطار
The Cleaving • 19 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,
2আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,
3আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,
4আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,
5তেতিয়া প্ৰত্যেকেই জানিব, সি আগলৈ কি প্ৰেৰণ কৰিছে আৰু পিছফালে কি থৈ আহিছে।
6হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?
7যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,
8আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।
9কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;
10আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
11সন্মানিত লেখক বৃন্দ;
12তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।
13নিশ্চয় সৎকৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।
14আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।
15সিহঁতে তাত প্ৰৱেশ কৰিব প্ৰতিদান দিৱসত;
16আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব (বা পলায়ন কৰিব নোৱাৰিব)।
17আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?
18আকৌ কৈছোঁ, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?
19সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব (একমাত্ৰ) আল্লাহৰ।