Al-Mursalat

المرسلات

Those Sent Forth50 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

وَٱلۡمُرۡسَلَٰتِ عُرۡفٗا﴿١

1শপত কল্যাণস্বৰূপ প্ৰেৰিত বতাহৰ,

فَٱلۡعَٰصِفَٰتِ عَصۡفٗا﴿٢

2তাৰ পিছত প্ৰচণ্ড বেগত প্ৰবাহিত ধুমুহাৰ,

وَٱلنَّٰشِرَٰتِ نَشۡرٗا﴿٣

3শপত প্ৰচণ্ডভাৱে (মেঘপূঞ্জ) সঞ্চালনকাৰীৰ,

فَٱلۡفَٰرِقَٰتِ فَرۡقٗا﴿٤

4তাৰ পিছত সুস্পষ্টৰূপে পাৰ্থক্যকাৰীৰ,

فَٱلۡمُلۡقِيَٰتِ ذِكۡرًا﴿٥

5তাৰ পিছত সিহঁতৰ, যিসকলে মানুহৰ অন্তৰত উপদেশ পৌঁচাই দিয়ে---

عُذۡرًا أَوۡ نُذۡرًا﴿٦

6ওজৰ-আপত্তি দূৰ কৰিবলৈ অথবা সতৰ্ক কৰিবলৈ,

إِنَّمَا تُوعَدُونَ لَوَٰقِعٞ﴿٧

7নিশ্চয় তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেইটো অৱশ্যে সংঘটিত হ’ব।

فَإِذَا ٱلنُّجُومُ طُمِسَتۡ﴿٨

8যেতিয়া নক্ষত্ৰৰাজি আলোহীন হ’ব,

وَإِذَا ٱلسَّمَآءُ فُرِجَتۡ﴿٩

9আৰু যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,

وَإِذَا ٱلۡجِبَالُ نُسِفَتۡ﴿١٠

10আৰু যেতিয়া পৰ্বতসমূহক চূৰ্ণ-বিচূৰ্ণ কৰা হ’ব,

وَإِذَا ٱلرُّسُلُ أُقِّتَتۡ﴿١١

11আৰু যেতিয়া ৰাছুলসকলক নিৰ্ধাৰিত সময়ত উপস্থিত কৰা হ’ব,

لِأَيِّ يَوۡمٍ أُجِّلَتۡ﴿١٢

12কোনটো দিৱসৰ বাবে এইবোৰ স্থগিত ৰখা হৈছে?

لِيَوۡمِ ٱلۡفَصۡلِ﴿١٣

13বিচাৰ দিৱসৰ বাবে।

وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلۡفَصۡلِ﴿١٤

14আৰু কিহে তোমাক জনাব বিচাৰ দিৱস কি?

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿١٥

15সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

أَلَمۡ نُهۡلِكِ ٱلۡأَوَّلِينَ﴿١٦

16আমি পূৰ্বৱৰ্তীসকলক ধ্বংস কৰা নাইনে?

ثُمَّ نُتۡبِعُهُمُ ٱلۡأٓخِرِينَ﴿١٧

17তাৰ পিছত পৰবৰ্তীসকলকো সিহঁতৰ অনুগামী বনাম।

كَذَٰلِكَ نَفۡعَلُ بِٱلۡمُجۡرِمِينَ﴿١٨

18অপৰাধীবিলাকৰ লগত আমি এনেকুৱা আচৰণেই কৰোঁ।

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿١٩

19সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

أَلَمۡ نَخۡلُقكُّم مِّن مَّآءٖ مَّهِينٖ﴿٢٠

20আমি তোমালোকক তুচ্ছ পানীৰ পৰা সৃষ্টি কৰা নাইনে?

فَجَعَلۡنَٰهُ فِي قَرَارٖ مَّكِينٍ﴿٢١

21তাৰ পিছত আমি ইয়াক নিৰাপদ স্থানত সুৰক্ষিত কৰি ৰাখিছোঁ,

إِلَىٰ قَدَرٖ مَّعۡلُومٖ﴿٢٢

22এটা নিৰ্দিষ্ট সময়লৈকে,

فَقَدَرۡنَا فَنِعۡمَ ٱلۡقَٰدِرُونَ﴿٢٣

23তাৰ পিছত আমি পৰিমাপ কৰিছোঁ, এতেকে আমি কিমান নিপুণ পৰিমাপকাৰী!

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٢٤

24সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

أَلَمۡ نَجۡعَلِ ٱلۡأَرۡضَ كِفَاتًا﴿٢٥

25আমি পৃথিৱীখনক ধাৰণকাৰীৰূপে সৃষ্টি কৰা নাইনে?

أَحۡيَآءٗ وَأَمۡوَٰتٗا﴿٢٦

26জীৱিত আৰু মৃতসকলৰ বাবে?

وَجَعَلۡنَا فِيهَا رَوَٰسِيَ شَٰمِخَٰتٖ وَأَسۡقَيۡنَٰكُم مَّآءٗ فُرَاتٗا﴿٢٧

27আৰু আমি তাত স্থাপন কৰিছোঁ সুদৃঢ় আৰু সুউচ্চ পৰ্বতসমূহ আৰু তোমালোকক পান কৰোৱাইছোঁ তৃষ্ণা নিবাৰণকাৰী মিঠা উপযোগী পানী।

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٢٨

28সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

ٱنطَلِقُوٓاْ إِلَىٰ مَا كُنتُم بِهِۦ تُكَذِّبُونَ﴿٢٩

29(সিহঁতক কোৱা হ’ব) তোমালোকে যাক অস্বীকাৰ কৰিছিলা, এতিয়া গতি কৰা তাৰফালে।

ٱنطَلِقُوٓاْ إِلَىٰ ظِلّٖ ذِي ثَلَٰثِ شُعَبٖ﴿٣٠

30যোৱা তিনিটা শাখা বিশিষ্ট জুইৰ ছাঁৰ পিনে,

لَّا ظَلِيلٖ وَلَا يُغۡنِي مِنَ ٱللَّهَبِ﴿٣١

31যিটো ছাঁ শীতলো নহয় আৰু ই অগ্নিশিখাৰ পৰা ৰক্ষাও নকৰিব,

إِنَّهَا تَرۡمِي بِشَرَرٖ كَٱلۡقَصۡرِ﴿٣٢

32নিশ্চয় জাহান্নামে উৎক্ষেপন কৰিব বৃহৎ অট্ৰালিকা সদৃশ ফিৰিঙতি,

كَأَنَّهُۥ جِمَٰلَتٞ صُفۡرٞ﴿٣٣

33যেনিবা হালধীয়া উটৰ শ্ৰেণী,

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٣٤

34সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

هَٰذَا يَوۡمُ لَا يَنطِقُونَ﴿٣٥

35এইটো এনেকুৱা এটা দিৱস যিদিনা সিহঁতে কথা ক’ব নোৱাৰিব,

وَلَا يُؤۡذَنُ لَهُمۡ فَيَعۡتَذِرُونَ﴿٣٦

36আৰু সিহঁতক অজুহাত পেচ কৰাৰ অনুমতিও দিয়া নহ’ব।

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٣٧

37সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

هَٰذَا يَوۡمُ ٱلۡفَصۡلِۖ جَمَعۡنَٰكُمۡ وَٱلۡأَوَّلِينَ﴿٣٨

38‘এইটো হৈছে ফয়চালাৰ দিন, আমি একত্ৰিত কৰিছোঁ তোমালোকক আৰু পূৰ্বৱৰ্তীসকলক’।

فَإِن كَانَ لَكُمۡ كَيۡدٞ فَكِيدُونِ﴿٣٩

39এতেকে যদি তোমালোকৰ কোনো কৌশল আছে তেন্তে প্ৰয়োগ কৰা মোৰ বিৰুদ্ধে।

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٤٠

40সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

إِنَّ ٱلۡمُتَّقِينَ فِي ظِلَٰلٖ وَعُيُونٖ﴿٤١

41নিশ্চয় মুত্তাক্বীসকল থাকিব ছাঁৰ তলত আৰু নিজৰা বহুল স্থানত,

وَفَوَٰكِهَ مِمَّا يَشۡتَهُونَ﴿٤٢

42লগতে তেওঁলোকৰ হেঁপাহ অনুযায়ী ফলমূলৰ মাজত।

كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَا كُنتُمۡ تَعۡمَلُونَ﴿٤٣

43(তেওঁলোকক কোৱা হ'ব) তোমালোকে যি আমল কৰিছিলা তাৰ প্ৰতিদানস্বৰূপে তৃপ্তিৰ সৈতে পানাহাৰ কৰা;

إِنَّا كَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ﴿٤٤

44সৎকৰ্মশীলসকলক আমি এনেকৈয়ে প্ৰতিদান দি থাকোঁ।

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٤٥

45সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

كُلُواْ وَتَمَتَّعُواْ قَلِيلًا إِنَّكُم مُّجۡرِمُونَ﴿٤٦

46(হে কাফিৰসকল!) তোমালোকে আহাৰ কৰা আৰু ভোগ কৰা খন্তেকৰ বাবে; নিশ্চয় তোমালোক অপৰাধী।

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٤٧

47সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

وَإِذَا قِيلَ لَهُمُ ٱرۡكَعُواْ لَا يَرۡكَعُونَ﴿٤٨

48যেতিয়া সিহঁতক কোৱা হয়, ‘ৰুকু’ কৰা (ছালাত আদায় কৰা), (তেতিয়া) সিহঁতে ৰুকু’ নকৰে (ছালাত আদায় নকৰে)’।

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ﴿٤٩

49সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

فَبِأَيِّ حَدِيثِۭ بَعۡدَهُۥ يُؤۡمِنُونَ﴿٥٠

50এতেকে কোৰআনৰ পৰিবৰ্তে সিহঁতে আৰু কোনটো বাণীৰ প্ৰতি ঈমান আনিব?

RELATED SURAHS