القيامة
The Resurrection • 40 ayahs • Meccan
بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ
1মই শপত কৰিছোঁ ক্বিয়ামতৰ দিৱসৰ,
2মই আৰু শপত কৰিছোঁ আত্মনিন্দাকাৰী আত্মাৰ,
3মানুহে ভাবে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?
4কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ্বিন্যস্ত কৰিবলৈ সক্ষম।
5বৰং মানুহে ভৱিষ্যতেও পাপকৰ্ম কৰিবলৈ ইচ্ছুক।
6সি প্ৰশ্ন কৰে, ক্বিয়ামত দিৱস কেতিয়া আহিব?
7এতেকে যেতিয়া চকু স্থিৰ হৈ যাব,
8আৰু চন্দ্ৰ জ্যোতিবিহীন হৈ পৰিব,
9আৰু যেতিয়া সূৰ্য আৰু চন্দ্ৰক একত্ৰিত কৰা হ’ব-
10সেইদিনা মানুহে ক’ব, ‘আজি পলাবলৈ স্থান ক’ত’?
11কেতিয়াও নহয়, কোনো আশ্ৰয়স্থল নাই।
12সেইদিনা ঠাই হ’ব কেৱল তোমাৰ প্ৰতিপালকৰ ওচৰত।
13সেইদিনা মানুহক অৱহিত কৰোৱা হ’ব, সি আগলৈ কি পঠিয়াইছিল আৰু পিছফালে কি থৈ আহিছে।
14বৰং মানুহে নিজেই নিজৰ বিষয়ে সম্যক অৱগত,
15যদিও সি নানা অজুহাত দেখুৱায়।
16ততাতৈয়াকৈ অহী আয়ত্ত্ব কৰাৰ বাবে তুমি তোমাৰ জিভাক দ্ৰুত সঞ্চালন নকৰিবা।
17নিশ্চয় ইয়াৰ সংৰক্ষণ আৰু পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
18এতেকে আমি যেতিয়া (জিব্ৰীলৰ মাধ্যমত) ইয়াক পাঠ কৰোঁ তুমি তেতিয়া সেই পাঠৰ অনুসৰণ কৰিবা,
19তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও নিশ্চিতভাৱে আমাৰেই।
20কেতিয়াও নহয়, বৰং তোমালোকে পৃথিৱীৰ জীৱনকহে ভাল পোৱা;
21আৰু তোমালোকে আখিৰাতক অৱহেলা কৰা।
22সেইদিনা কিছুমান মুখমণ্ডল উজ্জ্বল হ’ব,
23সিহঁত নিজ প্ৰতিপালকৰ প্ৰতি চাই থাকিব।
24আৰু সেইদিনা কিছুমান মুখমণ্ডল বিবৰ্ণ হৈ পৰিব,
25সিহঁতে ধাৰণা কৰিব যে, এটা ধ্বংসকাৰী বিপৰ্যয় সিহঁতৰ ওপৰত আপতিত হ’ব।
26নিশ্চয়, যেতিয়া প্ৰাণ কণ্ঠাগত হ’ব,
27আৰু কোৱা হ’ব, ‘কোনে তাক ৰক্ষা কৰিব’?
28তেতিয়া তাৰ প্ৰত্যেয় হ’ব যে, এইটোৱে বিদায়ক্ষণ।
29আৰু ভৰিৰ লগত ভৰি জোঁট খাই যাব।
30সেইদিনা তোমাৰ প্ৰতিপালকৰ ওচৰতেই সকলোকে খেদি নিয়া হ’ব।
31কাৰণ সি বিশ্বাস কৰা নাই আৰু ছালাতো আদায় কৰা নাই।
32বৰং সি সত্য প্ৰত্যাখ্যান কৰিছিল আৰু মুখ ঘূৰাই লৈছিল।
33তাৰ পিছত সি অহংকাৰ কৰি নিজ পৰিয়ালৰ ওচৰলৈ উভতি গৈছিল,
34দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
35আকৌ দুৰ্ভোগ তোমাৰ বাবে অতি দুৰ্ভোগ!
36মানুহে ভাবে নেকি যে, তাক এনেই এৰি দিয়া হ’ব?
37সি বীৰ্যৰ শুক্ৰবিন্দু নাছিলনে, যিটো স্খলিত হয়?
38তাৰ পিছত সেইটো ‘আলাক্বাত’ পৰিণত হয়। তাৰ পিছত আল্লাহে তাক সৃষ্টি কৰে আৰু সুঠাম কৰে।
39তাৰ পিছত তেওঁ তাৰ পৰাই সৃষ্টি কৰে যোৰ যোৰকৈ নৰ-নাৰী।
40সেইজন স্ৰষ্টা মৃতক পুনৰ্জীৱিত কৰিবলৈ সক্ষম নহয়নে বাৰু?