Al-Haqqah

الحاقة

The Inevitable52 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

ٱلۡحَآقَّةُ﴿١

1সেই অৱশ্যম্ভাৱী ঘটনা, (ক্বিয়ামত)

مَا ٱلۡحَآقَّةُ﴿٢

2কি সেই অৱশ্যম্ভাৱী ঘটনা?

وَمَآ أَدۡرَىٰكَ مَا ٱلۡحَآقَّةُ﴿٣

3আৰু তুমি কেনেকৈ গম পাবা সেই অৱশ্যম্ভাৱী ঘটনাটোনো কি?

كَذَّبَتۡ ثَمُودُ وَعَادُۢ بِٱلۡقَارِعَةِ﴿٤

4ছামুদ আৰু আদ সম্প্ৰদায়ে মিথ্যাৰোপ কৰিছিল ভীতিপ্ৰদ মহাবিপদক।

فَأَمَّا ثَمُودُ فَأُهۡلِكُواْ بِٱلطَّاغِيَةِ﴿٥

5সেয়ে ছামুদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল এটা প্ৰলয়ংকৰ বিপৰ্যয়কাৰী প্ৰচণ্ড শব্দৰ দ্বাৰা।

وَأَمَّا عَادٞ فَأُهۡلِكُواْ بِرِيحٖ صَرۡصَرٍ عَاتِيَةٖ﴿٦

6আৰু আদ সম্প্ৰদায়ক ধ্বংস কৰা হৈছিল প্ৰচণ্ড ঠাণ্ডা ধুমুহা বতাহৰ দ্বাৰা,

سَخَّرَهَا عَلَيۡهِمۡ سَبۡعَ لَيَالٖ وَثَمَٰنِيَةَ أَيَّامٍ حُسُومٗاۖ فَتَرَى ٱلۡقَوۡمَ فِيهَا صَرۡعَىٰ كَأَنَّهُمۡ أَعۡجَازُ نَخۡلٍ خَاوِيَةٖ﴿٧

7ইয়াক তেওঁ সাত ৰাতি আৰু আঠ দিনলৈকে অবিৰামভাৱে সিহঁতৰ ওপৰত প্ৰবাহিত কৰিছিল; ফলত তুমি উক্ত সম্প্ৰদায়ক দেখিবলৈ পালাহেঁতেন---যে সিহঁত এনেকৈ সিঁচৰতি হৈ পৰি আছে যেনিবা সাৰশূন্য খেজুৰ গছৰ কাণ্ডহে।

فَهَلۡ تَرَىٰ لَهُم مِّنۢ بَاقِيَةٖ﴿٨

8এতেকে সিহঁতৰ মাজৰ কাৰোবাক তুমি অৱশিষ্ট দেখিবলৈ পোৱানে?

وَجَآءَ فِرۡعَوۡنُ وَمَن قَبۡلَهُۥ وَٱلۡمُؤۡتَفِكَٰتُ بِٱلۡخَاطِئَةِ﴿٩

9লগতে ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসীয়েও জঘন্য পাপকৰ্মত লিপ্ত আছিল।

فَعَصَوۡاْ رَسُولَ رَبِّهِمۡ فَأَخَذَهُمۡ أَخۡذَةٗ رَّابِيَةً﴿١٠

10আৰু সিহঁতে নিজ প্ৰতিপালকৰ ৰাছুলক অমান্য কৰিছিল, ফলত তেওঁ সিহঁতক অত্যন্ত কঠোৰভাৱে কৰায়ত্ত কৰিছে।

إِنَّا لَمَّا طَغَا ٱلۡمَآءُ حَمَلۡنَٰكُمۡ فِي ٱلۡجَارِيَةِ﴿١١

11যেতিয়া বানপানী বিপদৰ সীমা চেৰাই গৈছিল, তেতিয়া নিশ্চয় আমি তোমালোকক নাৱত আৰোহণ কৰোৱাইছিলোঁ।

لِنَجۡعَلَهَا لَكُمۡ تَذۡكِرَةٗ وَتَعِيَهَآ أُذُنٞ وَٰعِيَةٞ﴿١٢

12আমি এইটো কৰিছিলোঁ তোমালোকক এটা স্মৰণীয় শিক্ষা দিয়াৰ বাবে আৰু এইকাৰণে যে, যাতে শ্ৰুতিধৰ কাণে ইয়াক সংৰক্ষণ কৰি ৰাখিব পাৰে।

فَإِذَا نُفِخَ فِي ٱلصُّورِ نَفۡخَةٞ وَٰحِدَةٞ﴿١٣

13এতেকে যেতিয়া শিঙাত ফুঁ দিয়া হ’ব—কেৱল এটা ফুঁ।

وَحُمِلَتِ ٱلۡأَرۡضُ وَٱلۡجِبَالُ فَدُكَّتَا دَكَّةٗ وَٰحِدَةٗ﴿١٤

14আৰু পৃথিৱীসহ পৰ্বতসমূহক উঠাই নিয়া হ’ব আৰু মাত্ৰ এটা আঘাতত এইবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব।

فَيَوۡمَئِذٖ وَقَعَتِ ٱلۡوَاقِعَةُ﴿١٥

15ফলত সেইদিনা মহাঘটনা সংঘটিত হ’ব।

وَٱنشَقَّتِ ٱلسَّمَآءُ فَهِيَ يَوۡمَئِذٖ وَاهِيَةٞ﴿١٦

16আৰু আকাশ বিদীৰ্ণ হৈ যাব, ফলত সেইদিনা ই দুৰ্বল-বিক্ষিপ্ত হৈ পৰিব।

وَٱلۡمَلَكُ عَلَىٰٓ أَرۡجَآئِهَاۚ وَيَحۡمِلُ عَرۡشَ رَبِّكَ فَوۡقَهُمۡ يَوۡمَئِذٖ ثَمَٰنِيَةٞ﴿١٧

17আৰু ফিৰিস্তাসকল আকাশৰ বিভিন্ন প্ৰান্তত থাকিব। সেইদিনা আঠজন ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰিব।

يَوۡمَئِذٖ تُعۡرَضُونَ لَا تَخۡفَىٰ مِنكُمۡ خَافِيَةٞ﴿١٨

18সেইদিনা তোমালোকক উপস্থিত কৰোৱা হ’ব লগতে তোমালোকৰ কোনো গোপনীয়তাই আৰু গোপন নাথাকিব।

فَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِيَمِينِهِۦ فَيَقُولُ هَآؤُمُ ٱقۡرَءُواْ كِتَٰبِيَهۡ﴿١٩

19তেতিয়া যাৰ আমলনামা তাৰ সোঁ হাতত দিয়া হ’ব সি (আনন্দত বেলেগক) ক’ব, ‘এয়া লোৱা, মোৰ আমলনামা পঢ়ি চোৱা’।

إِنِّي ظَنَنتُ أَنِّي مُلَٰقٍ حِسَابِيَهۡ﴿٢٠

20‘মোৰ দৃঢ় বিশ্বাস আছিল যে, মই মোৰ হিচাপৰ সন্মুখীন হম’।

فَهُوَ فِي عِيشَةٖ رَّاضِيَةٖ﴿٢١

21তেওঁ থাকিব সন্তোষজনক জীৱনত;

فِي جَنَّةٍ عَالِيَةٖ﴿٢٢

22সুউচ্চ জান্নাতত,

قُطُوفُهَا دَانِيَةٞ﴿٢٣

23যাৰ ফলমূল ওলমি থাকিব নিচেই ওচৰত।

كُلُواْ وَٱشۡرَبُواْ هَنِيٓـَٔۢا بِمَآ أَسۡلَفۡتُمۡ فِي ٱلۡأَيَّامِ ٱلۡخَالِيَةِ﴿٢٤

24(কোৱা হ’ব) ‘বিগত দিনসমূহত তোমালোকে আগলৈ যি প্ৰেৰণ কৰিছিলা তাৰ বিনিময়ত তোমালোকে তৃপ্তি সহকাৰে খোৱা আৰু পান কৰা’।

وَأَمَّا مَنۡ أُوتِيَ كِتَٰبَهُۥ بِشِمَالِهِۦ فَيَقُولُ يَٰلَيۡتَنِي لَمۡ أُوتَ كِتَٰبِيَهۡ﴿٢٥

25কিন্তু যাৰ আমলনামা তাৰ বাওঁ হাতত দিয়া হ’ব, সি ক’ব, ‘হায়, মোক যদি মোৰ আমলনামা দিয়া নহ’লহেঁতেন’!

وَلَمۡ أَدۡرِ مَا حِسَابِيَهۡ﴿٢٦

26‘আৰু মই যদি মোৰ হিচাপ সম্পৰ্কে গমেই নাপালোঁহেঁতেন!

يَٰلَيۡتَهَا كَانَتِ ٱلۡقَاضِيَةَ﴿٢٧

27‘হায়, মোৰ মৃত্যুৱেই যদি মোৰ বাবে শেষ চূড়ান্ত ফয়চালা হ’লহেঁতেন!

مَآ أَغۡنَىٰ عَنِّي مَالِيَهۡۜ﴿٢٨

28‘মোৰ ধন-সম্পদ মোৰ কোনো কামতে নাহিল।

هَلَكَ عَنِّي سُلۡطَٰنِيَهۡ﴿٢٩

29‘মোৰ ক্ষমতা শক্তিও বিনষ্ট হৈছে’।

خُذُوهُ فَغُلُّوهُ﴿٣٠

30(ফিৰিস্তাসকলক কোৱা হ’ব) ‘ধৰা তাক আৰু গলত পঘা লগাই দিয়া’।

ثُمَّ ٱلۡجَحِيمَ صَلُّوهُ﴿٣١

31‘তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা’।

ثُمَّ فِي سِلۡسِلَةٖ ذَرۡعُهَا سَبۡعُونَ ذِرَاعٗا فَٱسۡلُكُوهُ﴿٣٢

32তাৰ পিছত তাক বান্ধি থোৱা, এনে এডাল শিকলিৰে যাৰ দৈৰ্ঘ সত্তৰ হাত।

إِنَّهُۥ كَانَ لَا يُؤۡمِنُ بِٱللَّهِ ٱلۡعَظِيمِ﴿٣٣

33নিশ্চয় সি মহান আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা নাছিল,

وَلَا يَحُضُّ عَلَىٰ طَعَامِ ٱلۡمِسۡكِينِ﴿٣٤

34আৰু মিছকিনক খাদ্যদানতো উৎসাহিত কৰা নাছিল।

فَلَيۡسَ لَهُ ٱلۡيَوۡمَ هَٰهُنَا حَمِيمٞ﴿٣٥

35এতেকে আজি ইয়াত তাৰ কোনো অন্তৰঙ্গ বন্ধু নাথাকিব।

وَلَا طَعَامٌ إِلَّا مِنۡ غِسۡلِينٖ﴿٣٦

36আৰু ক্ষত-নিঃসৃত পুঁজৰ বাহিৰে আন কোনো খাদ্যও নাথাকিব,

لَّا يَأۡكُلُهُۥٓ إِلَّا ٱلۡخَٰطِـُٔونَ﴿٣٧

37যিটো অপৰাধীসকলৰ বাহিৰে আন কোনেও নাখাব।

فَلَآ أُقۡسِمُ بِمَا تُبۡصِرُونَ﴿٣٨

38এতেকে মই শপত কৰোঁ সেইবোৰ বস্তুৰ, যিবোৰক তোমালোকে দেখা পোৱা,

وَمَا لَا تُبۡصِرُونَ﴿٣٩

39লগতে যিবোৰক তোমালোকে দেখা নোপোৱা;

إِنَّهُۥ لَقَوۡلُ رَسُولٖ كَرِيمٖ﴿٤٠

40নিশ্চয় এয়া (কোৰআন) এজন সন্মানিত ৰাছুলৰ (বহনকৃত) বাণী।

وَمَا هُوَ بِقَوۡلِ شَاعِرٖۚ قَلِيلٗا مَّا تُؤۡمِنُونَ﴿٤١

41আৰু এয়া কোনো কবিৰ কথা নহয়; (আফচোচ!) তোমালোকে খুবেই কম ঈমান পোষণ কৰা।

وَلَا بِقَوۡلِ كَاهِنٖۚ قَلِيلٗا مَّا تَذَكَّرُونَ﴿٤٢

42আৰু এয়া কোনো গণকৰ কথাও নহয়; তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।

تَنزِيلٞ مِّن رَّبِّ ٱلۡعَٰلَمِينَ﴿٤٣

43এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

وَلَوۡ تَقَوَّلَ عَلَيۡنَا بَعۡضَ ٱلۡأَقَاوِيلِ﴿٤٤

44তেওঁ যদি আমাৰ নামত কোনো মিছা ৰচনা কৰিলেহেঁতেন,

لَأَخَذۡنَا مِنۡهُ بِٱلۡيَمِينِ﴿٤٥

45তেন্তে নিশ্চয় আমি তাক সোঁহাতেৰে ধৰিলোঁহেঁতেন,

ثُمَّ لَقَطَعۡنَا مِنۡهُ ٱلۡوَتِينَ﴿٤٦

46তাৰ পিছত আমি তাৰ হৃদপিণ্ডৰ সিৰা (মহাধমনী) কাটি দিলোঁহেঁতেন,

فَمَا مِنكُم مِّنۡ أَحَدٍ عَنۡهُ حَٰجِزِينَ﴿٤٧

47এতেকে তোমালোকৰ মাজত এনেকুৱা কোনো নাই, যিয়ে তেওঁক ৰক্ষা কৰিব পাৰিলেহেঁতেন।

وَإِنَّهُۥ لَتَذۡكِرَةٞ لِّلۡمُتَّقِينَ﴿٤٨

48আৰু এয়া (কোৰআন) মুত্তাক্বীসকলৰ বাবে নিশ্চিত এটা উপদেশ।

وَإِنَّا لَنَعۡلَمُ أَنَّ مِنكُم مُّكَذِّبِينَ﴿٤٩

49আৰু আমি নিশ্চয় জানো যে, তোমালোকৰ মাজত কিছুমান মিথ্যাৰোপকাৰী আছে।

وَإِنَّهُۥ لَحَسۡرَةٌ عَلَى ٱلۡكَٰفِرِينَ﴿٥٠

50আৰু নিশ্চয় এই (কোৰআন)খন কাফিৰসকলৰ বাবে এক নিশ্চিত অনুশোচনাৰ কাৰণ হ’ব।

وَإِنَّهُۥ لَحَقُّ ٱلۡيَقِينِ﴿٥١

51আৰু নিশ্চয় এইখন সুনিশ্চিত সত্য।

فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِيمِ﴿٥٢

52এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

RELATED SURAHS