Adh-Dhariyat

الذاريات

The Scattering Winds60 ayahsMeccan

بِسْمِ ٱللَّهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ

وَٱلذَّٰرِيَٰتِ ذَرۡوٗا﴿١

1শপত ধূলি উৰুৱাই নিয়া বতাহৰ,

فَٱلۡحَٰمِلَٰتِ وِقۡرٗا﴿٢

2তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,

فَٱلۡجَٰرِيَٰتِ يُسۡرٗا﴿٣

3তাৰ পিছত মৃদুগতিত বৈ যোৱা নৌযানসমূহৰ,

فَٱلۡمُقَسِّمَٰتِ أَمۡرًا﴿٤

4তাৰ পিছত (আল্লাহৰ) নিৰ্দেশ বন্টনকাৰী ফিৰিস্তাসকলৰ--

إِنَّمَا تُوعَدُونَ لَصَادِقٞ﴿٥

5তোমালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে সত্য।

وَإِنَّ ٱلدِّينَ لَوَٰقِعٞ﴿٦

6নিশ্চয় প্ৰতিদান দিৱস অৱশ্যম্ভাৱী।

وَٱلسَّمَآءِ ذَاتِ ٱلۡحُبُكِ﴿٧

7শপত বহু পথবিশিষ্ট আকাশৰ,

إِنَّكُمۡ لَفِي قَوۡلٖ مُّخۡتَلِفٖ﴿٨

8নিশ্চয় তোমালোক পৰস্পৰ বিৰোধী কথাত লিপ্ত।

يُؤۡفَكُ عَنۡهُ مَنۡ أُفِكَ﴿٩

9ইয়াৰ পৰা বিৰত থাকে সেই ব্যক্তি, যাক বিৰত ৰখা হৈছে।

قُتِلَ ٱلۡخَرَّٰصُونَ﴿١٠

10মিছলীয়াসকল (তথা অনুমানত কথা কোৱাসকল) ধ্বংস হওক!

ٱلَّذِينَ هُمۡ فِي غَمۡرَةٖ سَاهُونَ﴿١١

11যিসকল সন্দেহ-সংশয়ত নিপতিত, উদাসীন।

يَسۡـَٔلُونَ أَيَّانَ يَوۡمُ ٱلدِّينِ﴿١٢

12সিহঁতে সোধে, ‘প্ৰতিদান দিৱস কেতিয়া হ’ব’?

يَوۡمَ هُمۡ عَلَى ٱلنَّارِ يُفۡتَنُونَ﴿١٣

13‘(কোৱা) যিদিনা সিহঁতক শাস্তি দিয়া হ’ব অগ্নিত’।

ذُوقُواْ فِتۡنَتَكُمۡ هَٰذَا ٱلَّذِي كُنتُم بِهِۦ تَسۡتَعۡجِلُونَ﴿١٤

14কোৱা হ’ব, ‘তোমালোকে তোমালোকৰ শাস্তি ভোগ কৰা, ইয়াৰ বাবেই তোমালোকে খৰধৰ কৰিছিলা’।

إِنَّ ٱلۡمُتَّقِينَ فِي جَنَّٰتٖ وَعُيُونٍ﴿١٥

15নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত।

ءَاخِذِينَ مَآ ءَاتَىٰهُمۡ رَبُّهُمۡۚ إِنَّهُمۡ كَانُواْ قَبۡلَ ذَٰلِكَ مُحۡسِنِينَ﴿١٦

16তেওঁলোকৰৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে (আনন্দচিত্তে) গ্ৰহণ কৰিব; নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল,

كَانُواْ قَلِيلٗا مِّنَ ٱلَّيۡلِ مَا يَهۡجَعُونَ﴿١٧

17তেওঁলোকে ৰাতিৰ অতি কম সময় টোপনিত কটাইছিল,

وَبِٱلۡأَسۡحَارِ هُمۡ يَسۡتَغۡفِرُونَ﴿١٨

18আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,

وَفِيٓ أَمۡوَٰلِهِمۡ حَقّٞ لِّلسَّآئِلِ وَٱلۡمَحۡرُومِ﴿١٩

19আৰু তেওঁলোকৰ ধন-সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ হক (প্ৰাপ্য)।

وَفِي ٱلۡأَرۡضِ ءَايَٰتٞ لِّلۡمُوقِنِينَ﴿٢٠

20আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন,

وَفِيٓ أَنفُسِكُمۡۚ أَفَلَا تُبۡصِرُونَ﴿٢١

21আৰু তোমালোকৰ নিজৰ মাজতো আছে (বহুতো নিদৰ্শন)। তোমালোকে লক্ষ্য নকৰা নেকি?

وَفِي ٱلسَّمَآءِ رِزۡقُكُمۡ وَمَا تُوعَدُونَ﴿٢٢

22আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু।

فَوَرَبِّ ٱلسَّمَآءِ وَٱلۡأَرۡضِ إِنَّهُۥ لَحَقّٞ مِّثۡلَ مَآ أَنَّكُمۡ تَنطِقُونَ﴿٢٣

23এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত! নিশ্চয় এইটো পৰম সত্য, যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য।

هَلۡ أَتَىٰكَ حَدِيثُ ضَيۡفِ إِبۡرَٰهِيمَ ٱلۡمُكۡرَمِينَ﴿٢٤

24ইব্ৰাহীমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে?

إِذۡ دَخَلُواْ عَلَيۡهِ فَقَالُواْ سَلَٰمٗاۖ قَالَ سَلَٰمٞ قَوۡمٞ مُّنكَرُونَ﴿٢٥

25যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক'লে, ‘ছালাম’, উত্তৰত তেৱোঁ ক'লে ‘ছালাম’। এওঁলোক দেখোন অচিনাকি ব্যক্তি।

فَرَاغَ إِلَىٰٓ أَهۡلِهِۦ فَجَآءَ بِعِجۡلٖ سَمِينٖ﴿٢٦

26তাৰ পিছত তেওঁ (ইব্ৰাহীম) সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ’ল আৰু এটা স্বাস্থ্যৱান গো-পোৱালী (ভজা) লৈ উপস্থিত হ’ল,

فَقَرَّبَهُۥٓ إِلَيۡهِمۡ قَالَ أَلَا تَأۡكُلُونَ﴿٢٧

27তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি ক’লে, ‘আপোনালোকে নাখায় নেকি’?

فَأَوۡجَسَ مِنۡهُمۡ خِيفَةٗۖ قَالُواْ لَا تَخَفۡۖ وَبَشَّرُوهُ بِغُلَٰمٍ عَلِيمٖ﴿٢٨

28ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ’ল। তেওঁলোকে ক’লে, ‘ভয় নকৰিব’; অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।

فَأَقۡبَلَتِ ٱمۡرَأَتُهُۥ فِي صَرَّةٖ فَصَكَّتۡ وَجۡهَهَا وَقَالَتۡ عَجُوزٌ عَقِيمٞ﴿٢٩

29তেতিয়া তেওঁৰ স্ত্ৰী চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰে মুখত থপৰিয়াই ক’লে, বন্ধ্যা-বৃদ্ধা (এজনীৰ সন্তান হ’ব কেনেকৈ?)।

قَالُواْ كَذَٰلِكِ قَالَ رَبُّكِۖ إِنَّهُۥ هُوَ ٱلۡحَكِيمُ ٱلۡعَلِيمُ﴿٣٠

30তেওঁলোকে ক’লে, ‘তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ’।

۞ قَالَ فَمَا خَطۡبُكُمۡ أَيُّهَا ٱلۡمُرۡسَلُونَ﴿٣١

31ইব্ৰাহীমে ক’লে, ‘হে প্ৰেৰিত ফিৰিস্তাসকল! তোমালোকৰ বিশেষ কাম কি’?

قَالُوٓاْ إِنَّآ أُرۡسِلۡنَآ إِلَىٰ قَوۡمٖ مُّجۡرِمِينَ﴿٣٢

32তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে---

لِنُرۡسِلَ عَلَيۡهِمۡ حِجَارَةٗ مِّن طِينٖ﴿٣٣

33সিহঁতৰ ওপৰত পকা মাটিৰ টুকুৰা নিক্ষেপ কৰিবলৈ,

مُّسَوَّمَةً عِندَ رَبِّكَ لِلۡمُسۡرِفِينَ﴿٣٤

34যিটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা চিহ্নিত সীমালংঘনকাৰীসকলৰ বাবে।

فَأَخۡرَجۡنَا مَن كَانَ فِيهَا مِنَ ٱلۡمُؤۡمِنِينَ﴿٣٥

35আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছোঁ।

فَمَا وَجَدۡنَا فِيهَا غَيۡرَ بَيۡتٖ مِّنَ ٱلۡمُسۡلِمِينَ﴿٣٦

36কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাছিলোঁ।

وَتَرَكۡنَا فِيهَآ ءَايَةٗ لِّلَّذِينَ يَخَافُونَ ٱلۡعَذَابَ ٱلۡأَلِيمَ﴿٣٧

37আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তিক ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছোঁ।

وَفِي مُوسَىٰٓ إِذۡ أَرۡسَلۡنَٰهُ إِلَىٰ فِرۡعَوۡنَ بِسُلۡطَٰنٖ مُّبِينٖ﴿٣٨

38আৰু মূছাৰ কাহিনীতো নিদৰ্শন আছে, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণসহ ফিৰআউনৰ ওচৰলৈ পঠিয়াইছিলোঁ,

فَتَوَلَّىٰ بِرُكۡنِهِۦ وَقَالَ سَٰحِرٌ أَوۡ مَجۡنُونٞ﴿٣٩

39কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, ‘এওঁ এজন (সুদক্ষ) যাদুকৰ নহ’লে উন্মাদ’।

فَأَخَذۡنَٰهُ وَجُنُودَهُۥ فَنَبَذۡنَٰهُمۡ فِي ٱلۡيَمِّ وَهُوَ مُلِيمٞ﴿٤٠

40ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক শাস্তি বিহিছিলোঁ আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিছিলোঁ, আৰু সি আছিল তিৰস্কাৰযোগ্য।

وَفِي عَادٍ إِذۡ أَرۡسَلۡنَا عَلَيۡهِمُ ٱلرِّيحَ ٱلۡعَقِيمَ﴿٤١

41আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাতো, (স্মৰণ কৰা) যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলোঁ;

مَا تَذَرُ مِن شَيۡءٍ أَتَتۡ عَلَيۡهِ إِلَّا جَعَلَتۡهُ كَٱلرَّمِيمِ﴿٤٢

42সেই বতাহজাকে একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ-বিচূৰ্ণ কৰি গৈছিল।

وَفِي ثَمُودَ إِذۡ قِيلَ لَهُمۡ تَمَتَّعُواْ حَتَّىٰ حِينٖ﴿٤٣

43আৰু নিদৰ্শন আছে ছামূদ সম্প্ৰদায়ৰ ঘটনাতো, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ভোগ কৰি লোৱা’।

فَعَتَوۡاْ عَنۡ أَمۡرِ رَبِّهِمۡ فَأَخَذَتۡهُمُ ٱلصَّٰعِقَةُ وَهُمۡ يَنظُرُونَ﴿٤٤

44তথাপিও সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে; ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে।

فَمَا ٱسۡتَطَٰعُواْ مِن قِيَامٖ وَمَا كَانُواْ مُنتَصِرِينَ﴿٤٥

45ফলত সিহঁতে থিয় হ’বলৈকেও সক্ষম নহ’ল আৰু প্ৰতিৰোধো কৰিব নোৱাৰিলে।

وَقَوۡمَ نُوحٖ مِّن قَبۡلُۖ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ﴿٤٦

46আৰু (ধ্বংস কৰিছিলোঁ) ইয়াৰ আগত নূহৰ সম্প্ৰদায়ক, নিশ্চয় সিহঁত আছিল ফাছিক্ব সম্প্ৰদায়।

وَٱلسَّمَآءَ بَنَيۡنَٰهَا بِأَيۡيْدٖ وَإِنَّا لَمُوسِعُونَ﴿٤٧

47আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছোঁ আৰু নিশ্চয় আমি মহাসম্প্ৰসাৰণকাৰী।

وَٱلۡأَرۡضَ فَرَشۡنَٰهَا فَنِعۡمَ ٱلۡمَٰهِدُونَ﴿٤٨

48আৰু আমি ভূমিখনক পাৰি দিছোঁ, (চোৱাচোন, আমি) কিমান সুন্দৰ ব্যৱস্থাপনাকাৰী!

وَمِن كُلِّ شَيۡءٍ خَلَقۡنَا زَوۡجَيۡنِ لَعَلَّكُمۡ تَذَكَّرُونَ﴿٤٩

49আৰু আমি প্ৰতিটো বস্তু যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

فَفِرُّوٓاْ إِلَى ٱللَّهِۖ إِنِّي لَكُم مِّنۡهُ نَذِيرٞ مُّبِينٞ﴿٥٠

50এতেকে তোমালোকে আল্লাহৰ ফালে ধাৱিত হোৱা, নিশ্চয় মই কেৱল তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।

وَلَا تَجۡعَلُواْ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَۖ إِنِّي لَكُم مِّنۡهُ نَذِيرٞ مُّبِينٞ﴿٥١

51আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা; নিশ্চয় মই তেওঁৰ তৰফৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।

كَذَٰلِكَ مَآ أَتَى ٱلَّذِينَ مِن قَبۡلِهِم مِّن رَّسُولٍ إِلَّا قَالُواْ سَاحِرٌ أَوۡ مَجۡنُونٌ﴿٥٢

52এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে, তেতিয়াই সিহঁতে কৈছে, ‘এওঁ এজন যাদুকৰ নহ’লে উন্মাদ’।

أَتَوَاصَوۡاْ بِهِۦۚ بَلۡ هُمۡ قَوۡمٞ طَاغُونَ﴿٥٣

53সিহঁতে ইজনে সিজনক এই বিষয়ে অছিয়ত কৰিছে নেকি? বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়।

فَتَوَلَّ عَنۡهُمۡ فَمَآ أَنتَ بِمَلُومٖ﴿٥٤

54এতেকে তুমি সিহঁতক উপেক্ষা কৰা, তোমাৰ কোনো দোষ নহ’ব।

وَذَكِّرۡ فَإِنَّ ٱلذِّكۡرَىٰ تَنفَعُ ٱلۡمُؤۡمِنِينَ﴿٥٥

55আৰু তুমি উপদেশ দি থাকা, কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।

وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ﴿٥٦

56আৰু মই জিন আৰু মানুহক কেৱল এইকাৰণেই সৃষ্টি কৰিছোঁ যে, সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।

مَآ أُرِيدُ مِنۡهُم مِّن رِّزۡقٖ وَمَآ أُرِيدُ أَن يُطۡعِمُونِ﴿٥٧

57মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰোঁ আৰু মই এইটোও নিবিচাৰোঁ যে, সিহঁতে মোক খুৱাব।

إِنَّ ٱللَّهَ هُوَ ٱلرَّزَّاقُ ذُو ٱلۡقُوَّةِ ٱلۡمَتِينُ﴿٥٨

58নিশ্চয় আল্লাহেই জীৱিকাদাতা, প্ৰবল শক্তিধৰ, মহাপৰাক্ৰমশালী।

فَإِنَّ لِلَّذِينَ ظَلَمُواْ ذَنُوبٗا مِّثۡلَ ذَنُوبِ أَصۡحَٰبِهِمۡ فَلَا يَسۡتَعۡجِلُونِ﴿٥٩

59এতেকে সীমালংঘনকাৰীসকলৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰেই প্ৰাপ্য (শাস্তি); গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।

فَوَيۡلٞ لِّلَّذِينَ كَفَرُواْ مِن يَوۡمِهِمُ ٱلَّذِي يُوعَدُونَ﴿٦٠

60যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে সেইদিনা ধ্বংস অনিবাৰ্য, যি দিৱসটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।

RELATED SURAHS